ETV Bharat / state

নগাঁৱত উদ্ধাৰ গুৱাহাটীৰ মন্দিৰৰ চুৰি সামগ্ৰী

author img

By

Published : Apr 21, 2022, 10:06 PM IST

নগাঁৱত উদ্ধাৰ গুৱাহাটীৰ মন্দিৰৰ পৰা চুৰি হোৱা সামগ্ৰী (Stolen materials recovered by Nagaon police) । চোৰৰ সন্ধানত মঙলবাৰে নিশা নগাঁৱৰ কেন্দুগুৰিৰ ফজলুল ইছলামৰ বাসগৃহত অভিযান চলায় হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে (Thief arrested in Nagaon)।

stolen-materials-recovered-from-guwahati
নগাঁৱত উদ্ধাৰ গুৱাহাটীৰ মন্দিৰৰ চুৰি সামগ্ৰী

নগাঁও, 21 এপ্ৰিল : গুৱাহাটীৰ মন্দিৰৰ পৰা চুৰি হোৱা সামগ্ৰী অৱশেষত উদ্ধাৰ হ'ল নগাঁৱত (Stolen materials recovered by Nagaon police) । আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ (Thief arrested in Nagaon) । গুৱাহাটীৰ মন্দিৰৰ পৰা চুৰি হোৱা মূল্যৱান সামগ্ৰী নগাঁৱত উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ (Stolen materials recovered)। সেয়ে চোৰৰ সন্ধানত মঙলবাৰে নিশা নগাঁৱৰ কেন্দুগুৰিৰ ফজলুল ইছলামৰ বাসগৃহত অভিযান চলায় হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে (Thief arrested in Nagaon)।

নগাঁৱত উদ্ধাৰ গুৱাহাটীৰ মন্দিৰৰ চুৰি সামগ্ৰী

অভিযানত আৰক্ষীয়ে ফজলুলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে মন্দিৰত ব্যৱহৃত ভালেসংখ্যক ৰূপৰ সামগ্ৰী । আটকাধীন ফজলুলৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা কাটিমাৰীৰ দলনী পথাৰৰ আন এক গভাইত চোৰ জাকিৰ হুছেইনৰ বাসগৃহত চুৰি সামগ্ৰী বিচাৰি আৰক্ষীয়ে অভিযান চলায় । ইফালে আন্ধাৰৰ সুযোগলৈ জাকিৰ হুছেইনে বাসগৃহৰ পৰা পলায়ন কৰে ।

উল্লেখ্য যে, হয়বৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা ৰূপৰ সামগ্ৰী সমূহ দুই গভাইত চোৰে গুৱাহাটীৰ গণেশগুৰিৰৰ মন্দিৰৰ পৰা চুৰ কৰিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰ অভিযানত উৎখাত চুৰি সামগ্ৰী তথা ড্ৰাগছ জমা ৰখা ঘাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.