ETV Bharat / state

কলিয়াবৰত অসম ক্ৰীড়া দিৱস উদযাপন

author img

By

Published : Sep 3, 2021, 8:30 PM IST

কলিয়াবৰত অসম ক্ৰীড়া দিৱস উদযাপন
কলিয়াবৰত অসম ক্ৰীড়া দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰতো কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ‍্যোগত অসম ক্ৰীড়া দিৱস উদযাপন কৰিছে । এছিয়াত অসমৰ প্ৰথম স্বৰ্ণ আৰু ৰূপৰ পদক বিজয়ী তথা অৰ্জুন ভোগেশ্বৰ বৰুৱা জন্মদিনৰ লগত ৰজিতা খুৱাই সমগ্ৰ অসমতে এই দিৱস পালন কৰা হৈছে ।

কলিয়াবৰ, 3 ছেপ্তেম্বৰঃ এছিয়ান গেমছত সোণ আৰু ৰূপৰ পদকেৰে অসমক গৌৰৱান্বিত কৰা প্ৰথম অসমীয়া অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 3 ছেপ্তেম্বৰত জন্ম দিৱস । চলিত বৰ্ষৰ পৰা 3 ছেপ্তেম্বৰৰ দিনটোক অসম চৰকাৰে অসম ক্ৰীড়া দিৱস ৰূপে উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰতো কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ‍্যোগত অসম ক্ৰীড়া দিৱস উদযাপন কৰিছে । এছিয়াত অসমৰ প্ৰথম স্বৰ্ণ আৰু ৰূপৰ পদক বিজয়ী তথা অৰ্জুন ভোগেশ্বৰ বৰুৱা জন্মদিনৰ লগত ৰজিতা খুৱাই সমগ্ৰ অসমতে এই দিৱস পালন কৰা হৈছে ।

kaliabor1
কলিয়াবৰত অসম ক্ৰীড়া দিৱস উদযাপন

শুকুৰবাৰে পুৱাই কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত ডাঃ টি.আও. গ্ৰাম্য ক্ৰীড়াংগণ খেলপথাৰৰ পৰা সমূহীয়া দৌৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । কলিয়াবৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে সামূহিক দৌৰত অংশ গ্ৰহণ কৰে । লগতে এখনি প্ৰীতি ফুটবল খেলৰো আয়োজন কৰে উদ‍্যোক্তাই ।

কলিয়াবৰত অসম ক্ৰীড়া দিৱস উদযাপন

উল্লেখযোগ‍্য যে, ২০০১ চনৰ ১১ মাৰ্চত উদ্বোধন কৰা কলিয়াবৰৰ ডাঃ টি.আও.গ্ৰাম্য ক্ৰীড়াংগনত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত এটা ক্ৰীড়া পেভিলিয়ন উৎসৰ্গা কৰা হৈছিল । বৰ্তমান নিৰ্মিয়মান ষ্টেডিয়ামখনত পেভিলিয়নটো পুণৰ নিৰ্মাণ চলি আছে, য'ত অত‍্যাধুনিক সা-সুবিধাৰ ব‍্যৱস্থা কৰিছে ক্ৰীড়া সন্থাই ।

লগতে পঢ়কঃ চাপৰত ৰাইজৰ ৰোষত পৰিল বিলাসী বাহন লৈ অহা ছাগলী চোৰ

উল্লেখযোগ্য যে, ৩ ছেপ্তেম্বৰ অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন । ৩ ছেপ্তেম্বৰৰ দিনটো প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই এই দিনটোতেই সমগ্ৰ অসমতে “অভিৰুচি ক্ৰীড়া দিৱস” পালন কৰা হয় ।

১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি ৩ ছেপ্টেম্বৰৰ দিনটোত “অভিৰুচি ক্ৰীড়া দিৱস” হিচাপে পালন কৰি অহা হৈছে । অৰ্জুন ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত তেওঁৰ ঈৰ্ষণীয় সাফল্যৰে নিজ মাতৃভূমি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।

একেদৰে ১৯৬৬ চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই প্ৰথম স্থান অধিকাৰেৰে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল । যিকোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰা তেঁৱেই হৈছে প্ৰথম অসমীয়া । তেওঁৰ এই সাফল্যৰ পাছতেই ১৯৬৭ চনত ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে প্ৰদান কৰে অৰ্জুন বঁটা ।

ভোগেশ্বৰ বৰুৱাই আছিল অৰ্জুন বঁটাপ্ৰাপ্ত প্ৰথমজন অসমীয়া । তাৰ পাছত, ১৯৭০ চনৰ ষষ্ঠ এছিয়ান গেমছত ৪×৪০০ মিটাৰ ৰীলে ৰেছত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটিৰ ভোগেশ্বৰ বৰুৱা অন্যতম সদস্য আছিল ।

লগতে পঢ়কঃ বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.