ETV Bharat / state

আৰক্ষীৰ কোনো বে’ আইনী কামেই সহ্য কৰা নহ'ব : জি পি সিং

author img

By

Published : Jan 23, 2022, 8:08 PM IST

GP Singh warns police personals over illegal activities
GP Singh warns police personals over illegal activities

নগাঁৱত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং (Special DGP GP Singh in Nagaon)৷ এনকাউন্টাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ালে জি পি সিঙে ৷ অসম আৰক্ষীৰ কোনো বে’ আইনী কাম সহ্য কৰা নহ'ব বুলিও একপ্ৰকাৰ সকীয়াই দিয়ে আৰক্ষীক (GP Singh warns police personals over illegal activities)।

নগাঁও, 23 ডিচেম্বৰ : শেহতীয়াকৈ নগাঁৱত আৰক্ষীয়ে ছাত্ৰ নেতাক গুলীয়াই আহত কৰা ঘটনাৰ বুজ ল’বলৈ দেওবাৰে জিলাখনত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (Special DGP GP Singh in Nagaon)। আৰক্ষীৰ কোনো বে’ আইনী কামেই সহ্য কৰা নহ'ব বুলি জানিবলৈ দিয়ে জি পি সিঙে ৷ কীৰ্তিকমল বৰা নামৰ যুৱকজনক আৰক্ষীয়ে গুলীবিদ্ধ কৰা ঘটনাক লৈ (Nagaon police encounter) নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰাৰ সময়তে দেওবাৰে নগাঁৱত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ।

নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক বিনা দোষত গুলীয়াই আহত কৰি যুৱকজনক ড্ৰাগছৰ সৈতে জড়িত কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে নগাঁও আৰক্ষীৰ বিৰুদ্ধে । যাৰ বাবে দেওবাৰে পুৱাৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, অসম যুৱ পৰিষদকে ধৰি কেবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ (Protest against police in Nagaon)। সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰক্ৰিয়াৰ পিছত দেওবাৰে বিয়লি নগাঁৱত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ।

নগাঁৱত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং

নগাঁৱত উপস্থিত হৈ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াগৰাকীয়ে বুজ লয় সমগ্ৰ ঘটনাৰ । নগাঁৱত জাতীয় সংগঠনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয় আৰক্ষী বিষয়া জি পি সিং ।

নগাঁৱত সংঘটিত হোৱা ছাত্ৰ নেতাক গুলীওৱাৰ ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্তৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াগৰাকীয়ে । ইতিমধ্যেই তদন্ত কমিটি গঠন হোৱা বুলিও উল্লেখ কৰে আৰক্ষী বিষয়া জি পি সিঙে । লগতে নগাঁৱৰ লগতে অসমৰ সকলো আৰক্ষীকেই সকীয়াই দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । অসম আৰক্ষীৰ কোনো বে’ আইনী কাম সহ্য কৰা নহ'ব বুলিও একপ্ৰকাৰ সকীয়াই দিয়ে আৰক্ষীক ।

লগতে পঢ়ক : Nagaon police encounter : এনকাউন্টাৰে জনপ্ৰিয় কৰা আনন্দ মিশ্ৰক এনকাউন্টাৰেই কৰিলে বদনামী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.