ETV Bharat / state

Nagaon police encounter : এনকাউন্টাৰে জনপ্ৰিয় কৰা আনন্দ মিশ্ৰক এনকাউন্টাৰেই কৰিলে বদনামী !

author img

By

Published : Jan 23, 2022, 6:18 PM IST

নগাঁও এনকাউন্টাৰৰ ঘটনাৰ পাচতেই আৰক্ষীৰ বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ (Protest against Nagaon police after student leader's encounter) ৷ আৰক্ষীৰ এটা গুলীয়ে এতিয়া জনপ্ৰিয়তাৰ ছন্দ পতন ঘটালে আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ ৷ বিনাদোষত যুৱকক গুলীওৱাৰ অভিযোগ আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে (Public protest againts IPS Anand Mishra) ৷ ইতিমধ্য়ে ঘটনাৰ খুটি-নাতি মাৰিবলৈ জি পি সিং আহি পালে নগাঁও ৷

Nagaon police encounter
Nagaon police encounter

নগাঁও, 23 জানুৱাৰী : নগাঁও চহৰৰ উপকণ্ঠত শনিবাৰে সংঘটিত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে (Kirtikamal Bora's encounter in Nagaon) ৷ অপৰাধীৰ বিৰুদ্ধে বন্দুক ধৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু তেওঁৰ আৰক্ষী বাহিনী পিচে এইবাৰ সমালোচনাৰহে সন্মুখীন হৈছে ৷ দেওবাৰে নগাঁও জিলাৰ ৰাজপথত দেখা গ’ল জিলাবাসীৰ অতিকৈ প্ৰিয় আৰক্ষী অধীক্ষকগৰাকীৰ লগতে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ (Protest against Nagaon police) ৷ ৰাইজে শ্ৰদ্ধাৰে গামোচা পিন্ধোৱা আৰক্ষী অধীক্ষকজনৰ আজি পুত্তলিকা জ্বলিছে সেই জিলাতেই ৷

শনিবাৰে বিয়লিভাগত নগাঁও জিলাৰ কচলুখোৱাত সংঘটিত হৈছিল আৰক্ষীৰ গুলীচালনাৰ এটা ঘটনা (Nagaon police encounter)৷ কীৰ্তিকমল বৰা নামৰ এজন যুৱক আৰক্ষীৰ গুলীত আহত হয় ৷ আৰক্ষীয়ে দাবী কৰা মতে, যুৱকজন নিচাসক্ত আৰু আৰক্ষীক আক্ৰমণ কৰিব খুজিছিল তেওঁ ৷ কিন্তু জনসাধাৰণে এই ঘটনাৰ বিৱবৰণ বিপৰীতধৰণেহে দিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Student Leader Shot by Police : প্ৰতিবাদকাৰীৰ শ্ল’গানেৰে উত্তাল নগাঁৱৰ ৰাজপথ

জানিব পৰা মতে, সাধাৰণ পোচাকত যোৱা এণ্টি নাৰ্কটিক স্কোৱাডৰ সদস্যই এজন লোকক মাৰধৰ কৰি থকা দেখা পাই বাইকেৰে গৈ থকা অৱস্থাত ঘটনাৰ বুজ ল’বলৈ কাষ চাপি গৈছিল কীৰ্তিকমল ৷ কিন্তু তেনেতে আৰক্ষীৰ সৈতে তেওঁৰ বাক-বিতণ্ডা হয় ৷ আৰক্ষীয়ে যুৱকজনক বাইকৰ পৰা নমাই আনি প্ৰহাৰ কৰাৰ লগতে সোঁ ভৰিত গুলী মাৰে ৷ আৰক্ষীয়ে যুৱকজনক ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা চলোৱাৰো অভিযোগ উঠিছে ৷

গুৰুতৰভাৱে আহত হোৱা কীৰ্তিকমলক ততাতৈয়াকৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ অসুস্থ মাতৃৰ বাবে ঔষধ কিনিবলৈ গৈছিল কীৰ্তিকমল ৷ বাটতে অনাকাংক্ষিতভাৱে আৰক্ষীৰ গুলীত আহত হ’ল যুৱকজন ৷ পুত্ৰৰ এই অৱস্থা দেখি কান্দোনত ভাগি পৰে কীৰ্তিকমলৰ মাতৃ ৷

লগতে পঢ়ক : Student Leader Shot by Police : আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ

ইফালে এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই চাঞ্চল্যৰ সৃষ্টি হয় নগাঁও জিলাৰ লগতে সমগ্ৰ ৰাজ্যত ৷ আৰক্ষীৰ এই কাণ্ডক গৰিষ্ঠ সংখ্যকেই কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ ক্ষমতাত বলীয়ান হৈ আৰক্ষীয়ে নিজ খেয়াল খুচি মতে নিৰ্বিচাৰভাৱে এনকাউন্টাৰ কৰা বুলিও একাংশই দাবী কৰিছে ৷ ইয়াৰ মাজতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে নগাঁৱত জোৱাৰ উঠে প্ৰতিবাদৰ ৷

দেওবাৰে পুৱাৰ পৰাই নগাঁও আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে বিভিন্ন দল সংগঠন । নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তিকমল বৰাক বিনা দোষত আৰক্ষীয়ে গুলীওৱাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

নগাঁও আৰক্ষীৰ এনে ঘটনাৰ বিৰুদ্ধে গৰজি উঠিছে নগাঁও জিলা ছাত্ৰ সন্থাও ৷ দেওবাৰে প্ৰতিবাদকাৰীৰ সৈতে ৰাজপথত দেখা গ’ল কীৰ্তিকমলৰ মাতৃক ৷ অৱশ্যে প্ৰতিবাদ স্থলীত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা উপস্থিত হৈ এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ আশ্বাস দিয়ে ৷ ইতিমধ্যে যুৱকজনক গুলীওৱা আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷ তাৰোপৰি ঘটনাৰ তদন্তৰ বাবে নগাঁৱত উপস্থিত হৈছে বিশেষ আৰক্ষী অধীক্ষক জি পি সিং ৷ তদন্ত প্ৰক্ৰিয়াৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃততে এই এনকাউন্টাৰৰ ৰহস্য কি আছিল ৷

লগতে পঢ়ক : Student Leader Shot by Police in Nagaon: আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিৰ্জাভ ক্লজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.