ETV Bharat / state

জিলা আয়ুক্তৰ কাৰ্যালয়ত নগাঁৱৰ আহ্বান-নগঞা সমিধানৰ বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:39 PM IST

Award Distribute Ceremony at DC Office in Nagaon
বঁটা প্ৰদান অনুষ্ঠান

নগাঁৱত এজন সাংসদ এক আইডিয়াৰ অধীনত বঁটা প্ৰদান অনুষ্ঠান ৷ নগাঁৱৰ স্থানীয় সমস্যাৰ সমাধান বিচাৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আয়োজন কৰিছিল নগাঁৱৰ আহ্বান নগঞা সমিধান ৷

নগাঁৱৰ আহ্বান-নগঞা সমিধানৰ বঁটা প্ৰদান

নগাঁও, 8 ডিচেম্বৰ : নগাঁও জিলা প্ৰশাসনৰ সহযোগত, সংসদ সদস্যৰ স্থানীয় আঞ্চলিক উন্নয়ন আঁচনিৰ (MPLADS) অধীনত “এজন সাংসদ এক আইডিয়া”ৰ অন্তৰ্গত “নগাঁৱৰ আহ্বান – নগঁঞা সমিধান” শীৰ্ষক আয়োজন কৰা প্ৰতিযোগিতাৰ শুকুৰবাৰে নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জিলাখনৰ জ্বলন্ত সমস্যাসমূহৰ স্থানীয় প্ৰেক্ষাপটৰ পৰা কাৰ্যকৰী সমাধানৰ বাবে সামূহিকভাৱে সন্ধান কৰা সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ৷

আদৰণি ভাষণ প্ৰদান কৰি নগাঁৱৰ জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপে বঁটা সন্দৰ্ভত এক চমু ভাষণ প্ৰদান কৰে ৷ তেওঁ এই প্ৰতিযোগিতাৰ আঁৰৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি কয় যে স্থানীয় সমস্যা সমাধানৰ বাবে উদ্ভাৱন আৰু উন্নয়নৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ পৰা উচ্চস্তৰৰ দৃষ্টিভংগীক প্ৰসাৰ কৰা, য'ত নগাঁৱৰ নাগৰিকৰ পৰা মূলতঃ জিলাখনত ড্ৰাগছৰ ভাবুকি, নগাঁও জিলাৰ আশে-পাশে থকা জলভাগৰ সজীৱতা আৰু নগাঁৱৰ আশে-পাশে আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয়ৰ ওপৰত কাৰ্যকৰী ধাৰণা বা সমাধানৰ আমন্ত্ৰণ জনোৱা হৈছিল ৷ সেই অনুসৰি নিৰ্বাচনী বিষয়াক সভাপতি হিচাপে লৈ এখন 7 জনীয়া ৰূপায়ণ সমিতি আৰু বঁটাৰ বাবে জিলা আয়ুক্তক অধ্যক্ষ হিচাপে লৈ 9 জনীয়া বাছনি সমিতি গঠন কৰা হয় ৷

উল্লেখনীয় যে প্ৰথম পুৰস্কাৰত 1,25,000 টকা, দ্বিতীয় পুৰস্কাৰত 1,00,000 টকা আৰু তৃতীয় পুৰস্কাৰত 75,000 টকাৰ পুৰস্কাৰ ধন অন্তৰ্ভুক্ত কৰা হৈছে ৷ বাছনি সমিতিৰ সিদ্ধান্তৰ ভিত্তিত বিজয়ীসকল হ'ল প্ৰথম পুৰস্কাৰ বিজয়ী আতিকুল ইছলাম, দ্বিতীয় পুৰস্কাৰ বিজয়ী দেবাশীষ ভূঞা আৰু তৃতীয় পুৰস্কাৰ বিজয়ী প্ৰমোদ বৰা ৷ এই প্ৰতিযোগিতাৰ বাবে দুই শতাধিক লেখা লাভ কৰা হয় আৰু বঁটা প্ৰদান অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰীয়ে প্ৰশংসা পত্ৰ লাভ কৰিব বুলি জানিবলৈ দিয়ে প্ৰশাসনে ৷

একেটা অনুষ্ঠানতে নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে নাগৰিকসকলক পৰিৱেশ সংৰক্ষণ আৰু আনুষংগিক বিষয়সমূহৰ বাবে কাম কৰিবলৈ প্ৰশংসা আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে এই বছৰৰ পৰা নগঁঞা সাংসদৰ সেউজ উদগনি বঁটা-23 মুকলি কৰাৰ কথা ঘোষণা কৰে ৷ এইবাৰৰ বাবে বিজয়ীসকল হ’ল প্ৰকৃতিবিদ আৰু লেখক ঋতুৰাজ ফুকন, প্ৰকৃতিবিদ দিলৱাৰ হুছেইন আৰু সঠিক আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষম পৰিৱেশৰ বাবে কাম কৰি অহা দীপজ্যোতি বৰা ৷ প্ৰত্যেককে 20 হাজাৰ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয় ৷

হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বিষয়ত কাম কৰি অহা আৰু পৰিৱেশ সংৰক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম কৰি অহা দুটা সংগঠন ক্ৰমে হাতী বন্ধু আৰু সেউজ পুলিচকো নগাঁও সাংসদৰ সেউজ উদগনি বঁটা-23 প্ৰদান কৰা হয় আৰু ইয়াত 25 হাজাৰ টকাৰ নগদ পুৰস্কাৰ অন্তৰ্ভুক্ত কৰা হয় ৷ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ শোভা বঢ়োৱা আৰণ্যকৰ প্ৰতিষ্ঠাপক আৰু মহাসচিব ড৹ বিভব কুমাৰ তালুকদাৰে পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু এই খণ্ডত সামাজিক সংগঠন বা বেচৰকাৰী সংস্থাই ল’ব পৰা ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷ নগাঁৱৰ নিৰ্বাচনী বিষয়া মৌচুম প্ৰতিম নাথে আজিৰ কাৰ্যসূচীৰ শলাগৰ শৰাই আগবঢ়ায় ৷ বঁটা বিতৰণী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈৰ লগতে বহু আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক : ৮৩৯ গৰাকী প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.