ETV Bharat / state

Road Accident in Raha: ট্ৰেভেলাৰ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ১০ জন

author img

By

Published : Jul 24, 2022, 2:17 PM IST

road-accident-in-raha-near-nagaon-district
ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ১০ জন

ৰহা নতুন চাৰিআলিৰ সমীপত ফ'ৰলেন হাইৱেত হোৱা পথ দুৰ্ঘটনাত আহত দহজনকৈ যাত্ৰী (Road Accident in Raha) ৷ ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত উক্ত পথ দুৰ্ঘটনা (Traveller and Truck collapsed) ৷

ৰহা, 24 জুলাই: নগাঁও জিলাৰ ৰহা নতুন চাৰিআলিৰ সমীপত ফ'ৰলেন হাইৱেৰ ওপৰত আজি পুৱা সংঘটিত হয় পথ দুৰ্ঘটনা (Road Accident in Raha) । ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় প্ৰায় দহজনকৈ যাত্ৰী (Traveller and Truck collapsed)৷

নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী গৈ থকা ট্ৰেভেলাৰৰ সৈতে বিপৰীত দিশৰ পৰা অহা মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ট্ৰেভেলাৰখনৰ চালক জনৰ লগতে আন চাৰিজন ব্যক্তি গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় । দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰৰ নম্বৰ হৈছে AS 01 HC 3783 আনহাতে মালবাহী ট্ৰাকখনৰ নম্বৰ হৈছে NL 02 K 3695 ৷

উল্লেখ্য যে, দুৰ্ঘটনাটোত ট্ৰেভেলাৰ চালকজন বহু সময় বাহনৰ চেপত আৱদ্ধ হৈ থাকে ৷ অৱশেষত ক্ৰেণৰ সহায়ত উদ্ধাৰ কৰা হয় চালকজনক । লগতে ট্ৰেভেলাৰত থকা অন্য ছয়জনকৈ যাত্ৰী কম বেছি পৰিমাণে আহত হয় । আহত আটাইকে ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: Road accident in Sivasagar: গেলেকীত পথ দুৰ্ঘটনাত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.