ETV Bharat / state

Jal Jeevan Mission:নগাঁৱত জলজীৱন মিছনৰ পর্যালোচনা সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

author img

By

Published : Jul 15, 2023, 8:16 PM IST

নগাঁও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । তেওঁ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।

Jal Jeevan Mission in Nagaon
মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

নগাঁও, ১৫ জুলাই:কেন্দ্ৰীয় চৰকাৰৰ আঁচনি জলজীৱন মিছনৰ কামৰ বুজ ল'বলৈ শনিবাৰে নগাঁৱত উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযানৰ (DWSM)সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি নগাঁও জিলাৰ সকলো সংমণ্ডলৰ অন্তৰ্গত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ খতিয়ান লয় । তদুপৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অভিলাষী জল জীৱন মিছন আঁচনি অনুসৰি গ্ৰামাঞ্চলৰ সকলো ৰাইজে নলযোগে বিশুদ্ধ খোৱাপানী লাভ কৰাৰ লক্ষ্য আগত ৰাখি, জিলাখনত আঁচনিসমূহ সম্পূর্ণভাৱে ৰূপায়ন কৰাৰ ক্ষেত্রত সৃষ্টি হোৱা বিভিন্ন সমস্যা সমাধানৰ নির্দেশ দিয়ে । তেওঁ এই আঁচনি তথা পদক্ষেপসমূহৰ পর্যালোচনা কৰি বিভাগীয় বিষয়াক এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে ।

ইয়াৰ পিচতেই সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে জিলাখনত ইতিমধ্যে কামবোৰ তীব্ৰ গতিত আগবাঢ়িছে আৰু অতি কম সময়ৰ ভিতৰত কামসমূহ সম্পূৰ্ণ হ'ব । তেওঁ লগতে উল্লেখ কৰে যে যোৱা দুদিন কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত হোৱা আলোচনাৰ পিচত এয়া নিশ্চিত যে নগাঁও জিলাত উপৰোক্ত জিলা দুখনৰ দৰে ভূমি সম্বন্ধীয় সমস্যা নাই । তথাপি আঁচনিসমূহ সম্পূর্ণ ভাৱে ৰূপায়ন কৰাত আহিব পৰা সম্ভাব্য সমস্যাৰ বিষয়েও আজিৰ বৈঠকত আলোচনা কৰা হয় ।

উল্লেখনীয় যে এই পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ টকৌবাৰীত এখন ৰাজহুৱা সভা সম্বোধন কৰি টকৌবাৰী পানী যোগান আঁচনি মুকলি কৰে । তদুপৰি তেওঁ আন ৯ টা নলযোগে পানী যোগান আঁচনি ভার্চুৱেলী মুকলি কৰে । লগতে তেওঁ বিৰহ বেবেজীয়া ১নং নলযোগে পানী যোগান আঁচনি আৰু বহুৱাচুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।

আনহাতে তেওঁ নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত প্রশান্তি টুৰিষ্ট ল’জটো পৰিদর্শন কৰি অতিথিগৃহটোৰ নবীকৰণৰ বাবে কি কি নতুন প্ৰচেষ্টা ল'ব পাৰি সেই বিষয়ত বিভাগীয় বিষয়াবর্গৰ সৈতে আলোচনাত মিলিত হয় । আজিৰ এই দিনজোৰা কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলাখনৰ কেইবাগৰাকী বিধায়কৰ উপৰি নগাঁও জিলা আয়ুক্ত আৰু অনান্য বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Feliciation progrmme by AASU : ৰঙিয়াত কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.