ETV Bharat / state

Eviction in Nagaon: নগাঁৱত ৰেল বিভাগৰ ভূমিত দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত

author img

By

Published : Nov 11, 2022, 7:36 PM IST

railway department eviction in nagaon
নগাঁৱত ৰেল বিভাগৰ ভূমিত দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত

দ্বিতীয় দিনাও নগাঁৱত অব্যাহত উচ্ছেদ অভিযান (Railway eviction at Nagaon)। জিলা প্ৰশাসন, ৰেল বিভাগৰ উদ্যোগত অব্যাহত আছে উচ্ছেদ অভিযান । বুল্ড'জাৰৰ সহায়ত উচ্ছেদ দুই শতাধিক বাসগৃহ । বাসস্থান বিচাৰি হাহাকাৰ বেদখলকাৰীৰ ।

নগাঁও, 11 নৱেম্বৰ: নগাঁৱৰ ৰেল বিভাগৰ ভূমিত দ্বিতীয় দিনাও অব্যাহত জিলা প্ৰশাসন আৰু ৰেল বিভাগৰ বুল্ড'জাৰ (Railway eviction at Nagaon)। বুল্ড'জাৰৰ সহায়ত দ্বিতীয় দিনাও অব্যাহত আছে উচ্ছেদ অভিযান । নগাঁৱৰ ৰেল আলিৰ দুই পাৰৰ ভূমিত একাংশ লোকে বাসগৃহ নিৰ্মাণ কৰি বসবাস কৰি আহিছিল যদিও শেহতীয়াকৈ বেদখল কৰা ভূমি খালী কৰিবলৈ ৰেল বিভাগে জাৰি কৰিছিল জাননী (Encroachment near Nagaon railway station) ।

কিন্তু জাননী লাভ কৰাৰ পিছতো বেদখল কৰি থকা বাসগৃহ আৰু দোকান গৃহত বৃহস্পতিবাৰৰ পৰা ৰেল বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হয় উচ্ছেদ অভিযান । ৰেল বিভাগৰ ভূমিত থকা বাসগৃহসমূহ এফালৰ উচ্ছেদ কৰি গৈছে বুল্ড'জাৰৰ সহায়ত । বৃহস্পতিবাৰে নগাঁৱৰ মৰিকলংস্থিত নগাঁও ৰেল ষ্টেচনৰ সমীপৰ পৰা আৰম্ভ কৰি শুকুৰবাৰে পানীগাঁৱলৈকে উচ্ছেদ চলাই ৰেল বিভাগ আৰু জিলা প্ৰশাসনে (Railway department eviction in Nagaon) ।

নগাঁৱত ৰেল বিভাগৰ ভূমিত দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত

বৃহস্পতিবাৰে সন্ধিয়ালৈকে উচ্ছেদ অভিযান চলোৱাৰ অন্তত পুনৰ শুকুৰবাৰে পুৱাৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান । দ্বিতীয় দিনা প্ৰায় দুই শতাধিক বাসগৃহ উচ্ছেদ কৰা বুলি জানিব পৰা গৈছে । ইপিনে কেইবাবছৰ ধৰি ৰেল বিভাগৰ ভূমি বেদখল কৰি বাস কৰি থকা পৰিয়ালকেইটাক উচ্ছেদ কৰি দিয়াত এতিয়া বাসস্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বহু পৰিয়ালৰ ।

নগাঁও ষ্টেচনৰ বেদখল সম্পূৰ্ণ উচ্ছেদ কৰাৰ পিছত শনিবাৰে নগাঁও ষ্টেচনৰ পৰা শেনচোৱা ষ্টেচনলৈকে ৰেল আলিৰ দুই পাৰৰ বেদখল উচ্ছেদ আৰম্ভ কৰা হ'ব । উল্লেখযোগ্য যে, ৰেল বিভাগৰ নগাঁৱৰ ভূমি বেদখল কৰি থকা মুঠ এহেজাৰ দোকান আৰু বাসগৃহৰ গৰাকীলৈ ভূমি এৰি দিবলৈ জাননী প্ৰেৰণ কৰিছিল ৰেল বিভাগে । জাননী জাৰি কৰা এহেজাৰ দোকান আৰু বাসগৃহ উচ্ছেদ নকৰা পৰ্যন্ত উচ্ছেদ অভিযান চলি থাকিব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: Eviction at Nagaon: নগাঁৱৰ মৰিকলঙত ৰে'ল বিভাগৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.