ETV Bharat / state

দলং নিৰ্মাণত ঠিকাদাৰৰ হেমাহি, জ্বলা-কলা খাইছে ৰাইজে

author img

By

Published : Nov 12, 2019, 10:54 AM IST

Updated : Nov 12, 2019, 1:00 PM IST

কামপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে দলং নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

ৰহাত দলং নিৰ্মানত ঠিকাদাৰৰ হেমাহি

বঢ়মপুৰ, 12 নৱেম্বৰ : নগাঁও জিলাৰ ৰহা সমষ্টিৰ কঁচুৱা তিনিআলিত কৰ্তব্যৰত ঠিকাদাৰৰ হেমাহি ৷ কাঠৰ দলঙৰ ঠাইত নিৰ্মাণ কৰিলে বাঁহৰ দলং । ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি হাৰাশাস্তি ভুগিছে স্থানীয় ৰাইজে ৷ এখন বাঁহৰ দলঙে এতিয়া জ্বলা-কলা খোৱাইছে কঁচুৱা তিনিআলিৰ হাতিখুটিবাসীক । কামপুৰ-বৈঠালাংচু পথৰ পৰা পশ্চিম বিৰিঙাআাটিলৈ উত্তৰ-পূৱ পৰিষদৰ কামপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে দলং নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে । ভাৰত চৰকাৰৰ গ্ৰাম্য মন্ত্ৰনালয়ৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰি থকা পথটো ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে চলিত বৰ্ষৰ জানুৱাৰী মাহত আধাৰশিলা স্থাপন কৰিছিল । অভিযোগ মতে, বিধায়ক জনৰ মৌনতাৰ সুযোগ গ্ৰহণ কৰি স্বেচ্ছাচাৰিতা চলাই গৈছে ঠিকাদাৰ প্ৰদীপ কুমাৰ নাথে । দলং নিৰ্মাণ হোৱাৰ আগতে ৰাইজৰ সুবিধা হোৱাকৈ কাঠৰ দলং নিৰ্মাণ কৰিব লাগিছিল যদিও ঠিকাদাৰে বাঁহৰ দলং নিৰ্মাণ কৰি হাত সাৰে ঠিকাদাৰগৰাকীয়ে। এতিয়া বাঁহৰ দলঙৰ জৰাৰ্জীণ অৱস্থাৰ বাবে সমস্যাত পৰিছে স্থানীয় ৰাইজ । বাঁহৰ দলং খন যাতায়তৰ অনুপযোগী হোৱাত ৰোগী , ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয়লোক সকল যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৷

কঁচুৱা তিনিআলিত ঠিকাদাৰৰ মইমতালিত অতিষ্ট ৰাইজ

আৰু পঢ়ক : কলিয়াবৰত সাপৰ ওপৰত সজাগতা সভা

Intro:Sub=দলং নিৰ্মানত ঠিকাদাৰৰ হেমাহি ।বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় ৰাইজৰ হাৰাশাস্তি ।


Anchor=নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱা তিনিআলিত ঠিকাদাৰৰ মইমতালিত ৰাইজৰ হাৰাশাস্তি ।কাঠৰ দলংৰ ঠাইত নিৰ্মান কৰিলে বাঁহৰ দলং । বিধায়ক ডিম্বেশ্বৰ দাসৰ নিলিপ্ততা সুযোগ গ্ৰহন কৰি ওভত গোৰে নাচিছে ঠিকাদাৰ প্ৰদীপ কুমাৰ নাথে ।
Body:V/o=এখন বাহঁৰ দলঙে হাৰাশাস্তি ভুগাইছে কচুৱাৰ তিনিআলি হাতিখুটিবাসীক ।কামপুৰ বৈঠালাংচু পথৰ পৰা পশ্চিম বিৰিঙাআাটিলৈ উত্তৰ পূৱ পৰিষদৰ কামপুৰৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ কাৰ্যালয়ে ভাৰত চৰকাৰৰ গ্ৰাম্য মন্ত্ৰনালয়ৰ পুজিৰ দ্বাৰা নিৰ্মান কৰি থকা পথটোত এখন দলং নিৰ্মান কাৰ্যত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে ।এই পথটো ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে চলিত বৰ্ষৰ জানুৱাৰী মাহত আধাৰশিলা কৰি কামৰ শু্ভাৰম্ভ কৰিছিল ।
অভিযোগ মতে বিধায়ক জনৰ নিলিপ্ততা সুযোগ গ্ৰহন কৰি ওভত গোৰে নাচিছে ঠিকাদাৰ প্ৰদীপ কুমাৰ নাথে।উল্লেখ্য যে দলং নিৰ্মান কৰাৰ আগত সেইঠাইত ৰাইজৰ সুবিধা হোৱাকৈ এখন কাঠৰ দলং নিৰ্মান কৰিব লাগিছিল যদিও ঠিকাদাৰ প্ৰদীপ কুমাৰ নাথে বাঁহৰে এখন দলং নিৰ্মান কৰি দি দ্বায়িত্ব সামৰে ।যাৰ কাৰণে সেই বাঁহৰ দলং খনো ভাঙি উৱলি যোৱাত তীব্ৰ সমস্যাত পৰিছে স্থানীয় ৰাইজ ।বৰ্তমান বাঁহৰ দলং খনৰে যাতায়তৰ অনুপযোগী হৈ পৰাত ৰোগী ,ছাত্ৰ ছাত্ৰী কে ধৰি স্থানীয় লোকে যাতায়ত কৰাত অসুবিধাত পৰিছে ।ৰাইজৰ দাবী দলং খনৰে যাতায়ত কৰাৰ উপযোগীকৈ কাঠৰে নিৰ্মান কৰিব লাগে ।Byte =স্থানীয়লোক
Conclusion:
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
Last Updated :Nov 12, 2019, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.