ETV Bharat / state

Four lane Highway at Kaliabor : চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল ৰাজহুৱা সভাস্থলী

author img

By

Published : Jun 24, 2023, 8:16 AM IST

কলিয়াবৰৰ বাণিজ‍্যিক কেন্দ্ৰ জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল ৰাজহুৱা সভাৰ পৰিৱেশ ৷ হাটবৰ নাট‍্য সমাজ ভৱনত ব‍্যৱসায়ী আৰু স্থানীয় ৰাইজে জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবী তোলে ৷ নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত তীব্ৰ বাক-বিতণ্ডা ৷ মন্ত্ৰী কেশৱ মহন্তৰ হস্তক্ষেপত আশ্বস্ত কলিয়াবৰীয়া ৰাইজ ৷

Meeting on Kaliabor Numaligarh proposed roadmap
উত্তাল প্ৰতিবাদ ৰাজহুৱা সভাত

উত্তাল প্ৰতিবাদ ৰাজহুৱা সভাত

নগাঁও, 24 জুন : নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে প্ৰস্তাৱিত পথৰেখা প্ৰতিবেদন সন্দৰ্ভত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উত্তাল পৰিৱেশ । নগাঁও জিলা উপায়ুক্তৰ আহ্বানক্ৰমে শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত জখলাবন্ধাৰ মাজেৰে পথ সম্প্ৰসাৰণৰ ৰূপৰেখাৰ লগতে আন তিনিটা পথৰ ৰূপৰেখা দাঙি ধৰাৰ সময়তে উত্তাল হৈ পৰে পৰিস্থিতি ৷

উপস্থিত ৰাইজে কেৱল জখলাবন্ধা বাণিজ‍্যিক কেন্দ্ৰৰ মাজেৰে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ তীব্ৰ দাবী তোলাৰ লগতে প্ৰতিবাদমুখৰ কৰি তোলে পৰিস্থিতি । যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপায়ুক্তগৰাকীয়ে কেবাবাৰো উপস্থিত ৰাইজক সমগ্ৰ প্ৰস্তাৱ শুনিবলৈ আহ্বান জনাবলগীয়া হয় । উপায়ুক্তৰ লগতে মহকুমাধিপতি লিজা তালুকদাৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে বুজাই দিয়াত পৰিস্থিতি কিছু শাম কাটে । কলিয়াবৰবাসী ৰাইজৰ সিদ্ধান্তই ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই মন্তব‍্য প্ৰকাশ কৰাৰ পিছত আস্বস্ত হয় উপস্থিত ৰাইজ । বিধায়ক হিচাপেও কেশৱ মহন্তই ৰাইজৰ সৈতে সহমত পোষণ কৰিছে ।

নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সঞ্চালনা কৰা সভাখনত উপস্থিত ৰাইজে জখলাবন্ধাৰ মাজেৰেই চাৰিলেনযুক্ত পথচোৱা নিৰ্মাণৰ দাবী তুলি ৰাজহুৱা সভাৰ পৰিৱেশ উত্তাল কৰি তুলিছিল । ৰাইজৰ লগতে স্থানীয় কেইবাটাও দল-সংগঠনে সভাত উপস্থিত থাকি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ জখলাবন্ধা চহৰৰ মাজেদিয়েই হ’ব লাগিব বুলি দাবী জনোৱাৰ লগতে জিলাখনৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে । বিয়লি 3 বজাৰ পৰা আয়োজিত সভাখনত মন্ত্ৰী, প্ৰশাসনিক বিষয়াৰ লগতে স্থানীয় বহুলোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Patna Oppositions Meet : বিদেশত গান্ধী আৰু ভাৰতত গডছে সূত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ বাবে কাম নকৰে; সীতাৰাম য়েচুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.