ETV Bharat / state

নগাঁৱত ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ চাউলৰ চোৰাং বেহা

author img

By

Published : Aug 27, 2022, 5:20 PM IST

Rice smuggling in Assam
নগাঁৱত ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ চাউলৰ চোৰাং বেহা

সমবায় সমিতিৰ এজেন্টে ন ন কৌশলেৰে চোৰাংকৈ চলাই আহিছে চাউলৰ ক'লা বেহা(Rice smuggling in Assam)। এনে চোৰাং ব্যৱসায়ীক নাকী লগাবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগেও বিভিন্ন প্ৰক্ৰিয়াৰে চলাই আহিছে অভিযান । ইয়াৰ মাজতে চৰকাৰী চাউল চোৰাংকৈ সৰবৰাহ কৰা ট্ৰাক জব্দ কৰিলে নগাঁও আৰক্ষীয়ে ।

নগাঁও ,২৭ আগষ্ট: সমবায় সমিতিৰ এজেন্টে ন ন কৌশলেৰে চোৰাংকৈ চলাই আহিছে চাউলৰ ক'লা বেহা । এনে চোৰাং ব্যৱসায়ীক নাকী লগাবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগেও বিভিন্ন প্ৰক্ৰিয়াৰে চলাই আহিছে অভিযান । ইয়াৰ মাজতে ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ চাউল(Public Distribution System Rice) চোৰাংকৈ সৰবৰাহ কৰা ট্ৰাক জব্দ কৰিলে নগাঁও আৰক্ষীয়ে(PDS rice seized in Nagaon)।

নগাঁৱত ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ চাউলৰ চোৰাং বেহা

নগাঁৱত চলিছে দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে আবন্টন দিয়া চাউলৰ চোৰাং বেহা । ইয়াৰ মাজতেই দুখীয়া ৰাইজৰ নামত আৱন্টিত চৰকাৰী চাউল চোৰাংকৈ সৰবৰাহ(PDS rice smuggled in Assam) কৰা ট্ৰাক জব্দ কৰিলে নগাঁও আৰক্ষীয়ে । চোৰাং চাউল ভৰ্ত্তি AS 09AC 0575 ট্ৰাকখন হয়বৰগাঁও আৰক্ষীয়ে জব্দ কৰে ।

চৰকাৰী চাউল চোৰাংকৈ সৰবৰাহ কৰা ট্ৰাকখন খাইৰুল ইছলাম নামৰ এজন লোকৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ জুৰীয়াৰ পৰা নগাঁও চহৰ অভিমুখে চাউলখিনি আনি থাকোতেই হয়বৰগাঁও আৰক্ষী চকীৰ(Hoibargaon Police Station) ভাৰপ্ৰাপ্ত বিষয়া আভা জ্যোতি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ দুখীয়া ৰাইজৰ বাবে বিভিন্ন সমবায় সমিতিৰ নামত আৱন্টিত চৰকাৰী চাউল নগাঁৱত এনেদৰে কলা বজাৰত বিক্ৰী হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য় যে নগাঁৱত একাংশ সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে চৰকাৰী চাউলৰ চোৰাং বেহা অব্যাহত ৰখাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে ৷ নগাঁও আৰক্ষীৰ সঠিক তদন্তত চৰকাৰী চাউল চোৰাংকৈ বিক্ৰী কৰা চক্ৰৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:etv comment image বাইহাটাত ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.