বাইহাটাত ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰী

By

Published : Aug 27, 2022, 12:02 PM IST

thumbnail

ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ ইফালে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti drugs mission) ৷ আৰক্ষীয়ে যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷ শেহতীয়াকৈ, বাইহাটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুণপাৰত শুকুবাৰে চলে ড্ৰাগছ বিৰোধী এটা অভিযান । অভিযানকালত আৰক্ষীয়ে জব্দ কৰে ১৯৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ (Drugs seized in Baihata)। লগতে তিনিখন মটৰ চাইকেলসহ আটক কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰীক (Drugs paddler arrested)। আটকাধীন সৰবৰাহকাৰীকেইটা ক্ৰমে আচিক ইকবাল হুছেইন, সৌৰভ জ্যোতি কলিতা, ৰাজা আলী আৰু বিজয় মহন্ত বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.