ETV Bharat / state

কামপুৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ

author img

By

Published : May 31, 2020, 2:14 PM IST

কামপুৰত চাৰিদিন ধৰি আশ্ৰয় শিবিৰত থকা বন্যাৰ্ত সকলে এই পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ জানিব পৰা মতে, খোৱাপানী আৰু আহাৰৰ অভাৱত আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত সকল সমস্যাৰ সন্মুখীন হৈছে ৷

কামপুৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ
কামপুৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ

কামপুৰ, 31 মে': কৰ'ণা মহামাৰীৰ সমান্তৰালকৈ অসমৰ একাংশ অঞ্চলত সম্প্ৰতি হাহাকাৰ সৃষ্টি কৰিছে বানে ৷ বান কিছু পৰিমাণে কমিছে যদিও, বৰ্তমান আশ্ৰয় শিবিৰতেই কটাবলগীয়া হৈছে বন্যাৰ্ত সকলে ৷ চাৰিদিন ধৰি আশ্ৰয় শিবিৰত থকা বন্যাৰ্ত সকলে এই পৰ্যন্ত পোৱা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য ৷ খোৱাপানী আৰু আহাৰৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত লোক ৷

কামপুৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ

কামপুৰত কপিলী, নিশাৰী আৰু বৰপানীৰ বাঢ়নী পানীয়ে বহুকেইটা মাথাউৰি ছিঙি জল প্ৰলয় সৃষ্টি কৰা চাৰিটা দিন অতিক্ৰম কৰিলে যদিও, আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত সকলে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ বছৰটোৰ প্ৰথমটো বানতে প্লাৱিত হয় শতাধিত গাঁও ৷ পানীত জাহ যায় হাজাৰ হাজাৰ বিঘা কৃষিভূমি ৷ তেনে স্থলত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ দুই বিধায়কে বানাক্ৰান্ত সকলৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী লোকসকল ৷

লগতে পঢ়কঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবীৰে ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.