ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবীৰে ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

author img

By

Published : May 31, 2020, 9:02 AM IST

AJYCP demands to stop Lower Suwansiri Hydroelctricity Project
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবী ছাত্ৰ সংগঠনৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷

জোনাই, 30 মে': নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অতিশীঘ্ৰে বন্ধ কৰাৰ দাবীত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ শনিবাৰে সামাজিক দূৰত্ব বজাই ৰাখি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীৰে ধেমাজি জিলাৰ বিভিন্ন মহকুমাৰ আঞ্চলিক সমিতিয়ে প্ৰত্যেক সমিটিৰ পাঁচজনকৈ সদস্যই জোনাই বজাৰ, ৰুকচিন আৰু ৰুকচিন নদীৰ লগতে ধেমাজি জিলাৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে ৷

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবী ছাত্ৰ সংগঠনৰ

ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মাই কয় যে, ২০১১ চনৰ পৰা অসমৰ সকলো জাতীয় সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নিৰবিচ্ছিন্নভাৱে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে ৷ কিন্তু চৰকাৰে দল-সংগঠনৰ সংগ্ৰামক কোনো পধ্যেই গুৰুত্ব প্ৰদান কৰা নাই ৷ শাসনলৈ অহাৰ আগতে মন্ত্ৰী ৰাজনাথ সিঙে বৃহৎ নদীবান্ধৰ বিপক্ষে থিয় দিছিল ৷ কিন্তু, শাসনলৈ অহাৰ পাচতে চৰকাৰে ওলোটা খৰ মাৰি বৃহৎ নদীবান্ধৰ সপক্ষে মাত মাতি অহাটো অতি দুৰ্ভাগ্যজনক ঘটনা ৷

AJYCP demands to stop Lower Suwansiri Hydroelctricity Project
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবী ছাত্ৰ সংগঠনৰ

ধেমাজি জিলা গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অতি সংগোপনে অব্যাহত ৰখাৰ মাজতে প্ৰকল্প নিৰ্মাণ কৰি থকা গেৰুকামুখত চপৰা-চপৰে পাহাৰ খহি তীব্ৰ ভূমিস্খলনৰ সৃষ্টি হোৱাৰ তথ্য পোহৰলৈ আহিছে । মূল বান্ধলৈ যোৱা পথত প্ৰকাণ্ড ফাঁট মেলাৰ লগতে নামনি অংশ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে । উল্লেখ্য যে, গেৰুকামুখৰ পাহাৰখন বিশেষজ্ঞৰ কমিটীৰ প্ৰতিবেদনত অতি ঠুনুকা বুলি কোৱাৰ পিছতো প্ৰকল্পৰ নামনি অংশৰ ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি সৰ্বানন্দ সোণোৱাল চৰকাৰে অকণো গুৰুত্ব প্ৰদান কৰা নাই । বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা পাহাৰখন ভূমিকম্প সংবেদনশীল । তৎসত্ত্বেও বহিৰাগত বনিয়াৰ স্বাৰ্থত বৃহৎ নদী বান্ধৰ কাম ২০১৪ চনৰ পৰা আজি পৰ্যন্ত অসমৰ ৰাইজক অন্ধকাৰত ৰাখি নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে অব্যাহত ৰাখিছিল আৰু উক্ত বৃহৎ নদী বান্ধৰ পৰা কোনো ক্ষয়-ক্ষতি নহয় বুলি দাবী উত্থাপন কৰি আহিছিল ৷ কিন্তু, ২০০০ মেগাৱট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ‌ওঁতে এতিয়া খহিছে চপৰা-চপৰে পাহাৰ । এই বান্ধৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ'ব ধেমাজি, লখিমপুৰ, ঢকুৱাখনা আৰু মাজুলী ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ প্ৰতিবাদত জোনাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা নীল গগৈ, সভাপতি জ্ঞান শৰ্মা, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি আৰু জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা, সাধাৰণ সম্পাদক আঞ্চলিক সমিতিৰ উপদেষ্টা মাধূৰ্য প্ৰতিম গগৈ আদিয়ে সামাজিক দূৰত্ব মানি চলি হাতে হাতে প্লে' কাৰ্ড লৈ বৃহৎ নদীবান্ধ বন্ধ কৰক, নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক, বান্ধ লবীৰ ওচৰত বিক্ৰী যোৱা বিজেপি চৰকাৰ হুচিয়াৰ, বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.