ETV Bharat / state

মুকুট চন্দ্ৰ ভূঞাঃ এগৰাকী অক্লান্ত সমাজ সেৱক

author img

By

Published : Apr 6, 2020, 3:39 PM IST

কৰ'ণা আতংকৰ মাজতো থমকি ৰোৱা নাই ৮০ ৰ দেওনা পাৰ হোৱা মুকুট চন্দ্ৰ ভূঞা ৷ জটিল পৰিস্থিতিৰ মাজতো ঘৰে ঘৰে বিতৰণ কৰি গৈছে বাতৰি কাকত।

paper distributor mukut chandra bhuyan's story
মুকুট চন্দ্ৰ ভূঞা

নগাঁও,6 এপ্ৰিলঃ বয়সে হাৰ মনাব নোৱাৰা এগৰাকী সমাজসেৱক ৷ কৰ'ণাৰ আতংকৰ মাজতো থমকি ৰোৱা নাই তেওঁ ৷ বাতৰি কাকতৰ টোপোলাৰেই যাৰ আৰম্ভ হয় প্ৰতিটো দিন । প্ৰতিদিনে পুৱাই নিজৰ ঘৰৰ পৰাই বাতৰি কাকত বিতৰণৰ কাম আৰম্ভ কৰা নগাঁৱৰ সকলোৰে পৰিচিত এইজন মুকুট চন্দ্ৰ ভূঞাই । অসমত প্ৰথমবাৰৰ বাবে চিত্ৰাংকণ আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা মুকুট ভূঞাৰ জীৱন পৰিক্ৰমাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্মিত হৈছে তথ্য চিত্ৰ ৷

বয়সে হাৰ মনাব নোৱাৰা এগৰাকী সমাজ সেৱক

কৰ'ণা আতংকৰ বাবেই দেশজুৰি জাৰি কৰা লক ডাউনৰ আৰম্ভণিতেই এই আতংকই প্ৰভাৱিত কৰিছিল ছপা মাধ্যমতো । বহু ঠাইত হকাৰে একপ্ৰকাৰ বন্ধ কৰি দিছিল বাতৰি কাকতৰ বিতৰণ । এনে সময়তো প্ৰথমৰ পৰাই পাঠকৰ মাজত বাতৰি কাকত বিতৰণ কৰি আহিছে মুকুট চন্দ্ৰ ভূঞাই ।

অভিনেতা আদুৰ গোপাল কৃষ্ণ, আচৰাণী , মণি কৌল, সুভাষ ঘাইৰ দৰে খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালক, অভিনেতাৰ সৈতে একেলগে পুনে ফিল্ম ইনষ্টিটিউটৰ পৰা ১৯৬৫ চনতে সম্পন্ন কৰিছিল সম্পাদনা বিভাগৰ শিক্ষা । সেই সময়তেই মুম্বাইৰ শশীধৰ মুখাৰ্জীৰ মালিকাধীন ফিল্মালয় ষ্টুডিঅ'ৰ সম্পাদনা বিভাগৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হয় যদিও অসম তথা নগাঁৱৰ মোহ এৰিব নোৱাৰি নগাঁৱলৈ উভতি আহে । নগাঁৱলৈ উভতি আহি বাতৰি কাকত বিতৰকৰ দায়িত্ব লয় মুকুট চন্দ্ৰ ভূঞাই । নগাঁৱৰ সামাজিক কাম কাজৰ লগত জড়িত হৈ বহুজনৰ প্রিয় বহুজনৰ আদৰ্শ হৈ পৰে এইগৰাকী সমাজ সেৱক ৷

লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.