ETV Bharat / state

Flood at Kaliabor: কলিয়াবৰত বানত ক্ষতিগ্ৰস্ত দুই শতাধিক পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:30 PM IST

Flood at Kaliabor
কলিয়াবৰত বানত ক্ষতিগ্ৰস্ত দুই শতাধিক পৰিয়াল

ভদীয়া বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল ৷ বানত ক্ষতিগ্ৰস্ত দুই শতাধিক পৰিয়াল ৷ ৰাজপথ তথা মথাউৰিত আশ্ৰয় ল’বলগীয়া লৈছে বানাক্ৰান্তই ৷ চলিত বৰ্ষত অঞ্চলটোত স্থাপন কৰা জিঅ' গাইড-বান্ধো বুৰ গ'ল বাঢ়নী পানীত ৷

কলিয়াবৰত বানত ক্ষতিগ্ৰস্ত দুই শতাধিক পৰিয়াল

কলিয়াবৰ, 29 আগষ্ট: নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চলত বানৰ কৱলত পৰিছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বৰঘূলী অঞ্চলৰ বহুকেইখন গাঁৱলৈ অশনি সংকেত কঢ়িয়াই আনিছে । সহস্ৰাধিক পৰিয়াল ঘৰ-দুৱাৰ ইতিমধ্যে বানত ডুব গৈছে ৷ নষ্ট হৈছে আহু ধান, মৰাপাট, শাক-পাচলি ৷ নেৰানেপেৰা বৰষুণৰ ফলত অধিক অৱনতি ঘটিছে অঞ্চলটোৰ বান পৰিস্থিতিৰ ।

ইতিমধ্যে গৰাখহনীয়াত বিপৰ্যস্ত বৰঘূলী বৰলুইতৰ বাঢ়নী পানীত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় দুই শতাধিক পৰিয়াল ৷ ইফালে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী বাঢ়নী পানীয়ে বুৰাই পেলোৱাত নিৰাপদ স্থানলৈ গতি কৰিছে বানাক্ৰান্তই ৷ বহু বানাক্ৰান্তই ৰাজপথ অথবা মথাউৰিত বাহৰ পাতিবলগীয়া হৈছে ৷ মানুহৰ লগতে পশুধনে একেলগে আশ্ৰয় লৈছে মথাউৰিৰ অস্থায়ী চালিত । ইফালে চলিত বৰ্ষত অঞ্চলটোত স্থাপন কৰা জিঅ' গাইড-বান্ধো ইতিমধ্যে বাঢ়নী পানীত বুৰ গৈছে ৷

বৰঘূলী অঞ্চলৰ ৰাইজে জনোৱা মতে চলিত বছৰত তৃতীয়বাৰ বানত আক্ৰান্ত হৈছে গাঁওবাসী ৷ গাঁওপ্ৰধানে অঞ্চলটোৰ ৰাইজৰ খবৰ লৈছে যদিও বৰ্তমান পৰ্যন্ত পঞ্চায়ত প্ৰতিনিধি তথা প্ৰশাসনৰ লোকে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে ৷ উল্লেখ্য যে, বছৰৰ দ্বিতীয়টো বানৰ কৱলত পৰিছে ৰাজ্য ৷ উজনি-নামনিৰ প্ৰায় 17 খনতকৈ অধিক জিলাৰ 42 টা ৰাজহ চক্ৰৰ 1,90,675 জনৰো অধিক লোক বানৰ কৱলত পৰিছে ৷ বানত ডুব গৈছে 8086.40 হেক্টৰ কৃষিভূমি আৰু 11,886 টা পশুধন ৷

ইফালে ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নৈ, শিৱসাগৰত দিখৌ নদীৰ লগতে বেকী, জীয়া-ভৰালী, দিচাং আৰু সোৱণশিৰি নৈৰ জলস্তৰ ঠায়ে ঠায়ে বিপদসীমাৰ ওপৰেদি বৈছে ৷ ঠায়ে ঠায়ে পানীৰ ঢলে দলং উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ চৰকাৰ তথা প্ৰশাসনক সাহাৰ্য প্ৰদানৰ আহ্বান জনাইছে বানাক্ৰান্তই ৷

লগতে পঢ়ক: Flood situation in Assam: ৰাজ্যত পুনৰ বানত এজন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.