ETV Bharat / state

বিদায় ! সমুজ্জ্বল আৰু ৰাজীৱক শেষ শ্ৰদ্ধা নগাঁও আৰক্ষীৰ

author img

By

Published : Jun 21, 2022, 9:01 AM IST

দুই আৰক্ষীৰ অকাল মৃত্যুত শোকত ম্ৰিয়মান নগাঁওবাসী ৷ নগাঁও পুলিচ ৰিজাৰ্ভত (Nogaon police reserve) সমুজ্জ্বল আৰু ৰাজীৱক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন (Nogaon police pay tribute to Samujjal and Rajiv) ৷

Nogaon police pay tribute to Samujjal and Rajiv
Nogaon police pay tribute to Samujjal and Rajiv

নগাঁও, 21 জুন : শোকস্তব্ধ নগাঁও ৷ অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে দুই আৰক্ষীক ৷ নগাঁও পুলিচ ৰিজাৰ্ভত (Nogaon police reserve) সমুজ্জ্বল আৰু ৰাজীৱক শেষ শ্ৰদ্ধাঞ্জলি জনালে নগাঁও আৰক্ষীয়ে (Nogaon police pay tribute to Samujjal and Rajiv)৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰ ৰূপ লোৱাৰ সময়তে নগাঁৱৰ কামপুৰত দেওবাৰে নিশা সংঘটিত হৈছিল এক কৰুণ ঘটনা ৷ নিশা প্ৰায় 1 মান বজাত বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ গৈ ভগা কালভাৰ্টত সোমাই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ লগতে ইউ বি কনিষ্টবল ৰাজীৱ বৰদলৈয়ে (Police person died at Kampur) ।

লগে লগে দুয়োগৰাকী আৰক্ষীক বিচাৰি অভিযান আৰম্ভ কৰে এছ ডি আৰ এফে । নিশা প্ৰায় ডেৰ মান বজাত আৰক্ষী জোৱান ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ হয় যদিও পুৱা পৰ্যন্ত কোনো সন্ধান নোলায় আৰক্ষী বিষয়াগৰাকীৰ । সোমবাৰে পুৱা 8.30 মান বজাত উদ্ধাৰ হয় আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ ।

সমুজ্জ্বল আৰু ৰাজীৱক শেষ শ্ৰদ্ধা নগাঁও আৰক্ষীৰ

আৰক্ষী দুগৰাকীৰ মৃত্যুৰ খবৰৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰে পৰিয়ালৰ লোক ৷ নগাঁও আৰক্ষী চাউনিত দুয়োগৰাকী আৰক্ষীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে নগাঁও আৰক্ষীয়ে ৷ নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাসহ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ।

কৰ্তব্যৰ মাজতে নিজৰ প্ৰাণ দিয়া দুই আৰক্ষীৰ সাহসিকতাক লৈ গৌৰাম্বিত নগাঁও আৰক্ষী ৷ কৰ্তব্যৰ মাজতে মৃত্যুবৰণ কৰা আৰক্ষী দুগৰাকীৰ পৰিয়ালক পৰ্যাপ্ত সাহাৰ্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক লীনা দলেয়ে ৷

লগতে পঢ়ক : বিয়াৰ প্ৰস্তুতি আধৰুৱা হৈ ৰ’ল: অকালতে গুচি গ’ল সমুজ্জল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.