ETV Bharat / state

অষ্টম শ্ৰেণীলৈকে পঢ়া ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে ন-ন তথ্য

author img

By

Published : Oct 29, 2021, 1:19 PM IST

ভুৱা চিকিৎসক ডাঃ এম. ইছলাম ওৰফে মইজুল ইছলামৰ শিক্ষাগত অৰ্হতাক লৈ পোহৰলৈ আহিছে ন-ন তথ্য ৷ মাত্ৰ অষ্টম শ্ৰেণীলৈকে পঢ়া-শুনা কৰা মইজুলে আন ব্যক্তিৰ শিক্ষাগত প্ৰমাণ পত্ৰ লৈ চলাই আহিছিল চিকিৎসা সেৱা ৷ এই ঘটনা সংঘটিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ৰ গৃহসমষ্টি কলিয়াবৰত ৷

new-information-has-come-out-against-fake-doctor-m-islam
ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে ন-ন তথ্য

কলিয়াবৰ, 29 অক্টোবৰ : মুন্নাভাই মইজুলৰ শিক্ষাগত অৰ্হতা তথা প্ৰমাণ পত্ৰ সন্দৰ্ভত পোহৰলৈ আহিছে ন-ন তথ্য ৷ শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টি কলিয়াবৰত আৰক্ষীৰ জালত পৰিছে মইজুল ইছলাম নামৰ এই ভুৱা এমবিবিএছ ডিগ্ৰীধাৰী চিকিৎসকজন ৷

জানিব পৰা মতে, কলিয়াবৰৰ উলুৱনী আৰক্ষী নিৱেশৰ অন্তৰ্গত ভকুৱামৰীত দীৰ্ঘদিন ধৰি মইজুল ইছলামে চিকিৎসা সেৱা আগবঢ়াই আহিছিল ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দেৱনাথৰ নেতৃত্বত চলা এক অভিযানত ভুৱা চিকিৎসক মইজুল ইছলামক আটক কৰে আৰক্ষীয়ে ।

ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে ন-ন তথ্য

গৰৈমাৰীৰ বাসিন্দা মইজুলে ভকুৱামাৰীত ফাৰ্মাচী খুলি অঞ্চলটোত দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আহিছিল ৷ অভিযান কালত ফাৰ্মাচীখনৰ পৰা চিকিৎসা সেৱাত ব্যৱহৃত সঁজুলি আৰু সন্দেহজনক নথি-পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে । ইফালে ভুৱা চিকিৎসক মইজুলে ফাৰ্মাচীখনৰো কোনো বৈধ নথি-পত্ৰ আৰক্ষীক দেখুৱাবলৈ সক্ষম হোৱা নাই ।

new-information-has-come-out-against-fake-doctor-m-islam
ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে ন-ন তথ্য

তদুপৰি আৰক্ষীৰ সোধ-পোচত প্ৰকাশ কৰা শিক্ষাগত অৰ্হতাও অতিকৈ ভয়ানক । মাত্ৰ অষ্টম শ্ৰেণীলৈকেহে মইজুলে শিক্ষাগত অৰ্হতা লাভ কৰা তথ্য পোহৰলৈ আহিছে ৷ কাৱৈমাৰী চিকিৎসালয়ত কোনো চিকিৎসকৰ সহায়কৰূপে কাম কৰা অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ আৰু নৰ্থ ইষ্ট কাউঞ্চিল অৱ অল্টাৰনেটিভ মেডিচিনছ নামৰ এটা প্ৰতিষ্ঠানৰ এখন প্ৰমাণ পত্ৰৰ লগতে আন ব্যক্তিৰ প্ৰমাণ পত্ৰ মইজুলৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে ৷

শিক্ষাগত অৰ্হতা হিচাপে ইমান দিনে জব্দকৃত প্ৰমাণ-পত্ৰসমূহ ব্যৱহাৰ কৰি আহিছিল ভুৱা চিকিৎসকজনে ৷ এই সন্দৰ্ভত জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ৰ অধীক্ষক ডাঃ খেমন্ত শইকীয়াই চিকিৎসা বিজ্ঞানত এনে প্ৰমাণ পত্ৰৰ জৰিয়তে চিকিৎসা প্ৰদান কৰাৰ কোনো বিধিগত নিয়ম নাই বুলি উল্লেখ কৰে ৷ ইয়াৰ পাচতে সমগ্ৰ বিষয়টো উচ্চ পৰ্যায়ৰ তদন্তলৈ স্থানান্তৰিত কৰা হয় ৷

new-information-has-come-out-against-fake-doctor-m-islam
ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে ন-ন তথ্য

ইয়াৰোপৰি, মইজুলে স্বাস্থ্য পৰীক্ষাৰ সময়ত ৰোগীক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা জখলাবন্ধাৰ এটা লেব’ৰেটৰীত অভিযান চলায় আৰক্ষীয়ে । ইফালে আটকাধীন মইজুলক ঘটনা সন্দৰ্ভত অধিক সোধ-পোচ কৰাৰ বাবে জেৰা অব্যাহত ৰাখিছে উলুৱনী আৰক্ষীয়ে । ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে কৰা তদন্তৰ সময়ত ওলাই পৰিছে ন-ন তথ্য ।

এখন অবৈধ ফাৰ্মাচীত নিয়মিত চিকিৎসা সেৱা আগবঢ়াই অহা ডাঃ এম. ইছলাম নামধাৰী ভুৱা চিকিৎস্যকজনে জখলাবন্ধাৰ দুটাকৈ লেব’ৰেটৰীৰ সহযোগত ৰোগীৰ বিভিন্ন ধৰণৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আহিছিল । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ৰ গৃহসমষ্টিৰ এই ভুৱা চিকিৎসা কাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কলিয়াবৰত ৷

লগতে পঢ়ক : উৰিয়ামঘাটত শিল ব্যৱসায়ীৰ মাজত গুলীয়াগুলি, আহত 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.