ETV Bharat / state

নগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল

author img

By

Published : Nov 26, 2019, 4:26 PM IST

সোমবাৰে নিশা নগাঁও আৰক্ষীৰ দুটা দলে জিলাখনৰ বঢ়মপুৰ আৰু নগাওঁ চহৰত অভিযান চলাই আটক কৰে সাতজনীয়া ডকাইতৰ দল ৷ পুৰণিগুদামৰ ৰিলায়েঞ্চ তেল ডিপোত সংঘটিত ডকাইতিত জড়িত আছিল দলটো ৷

Nagaon police arrested 7 miscreants
অস্ত্ৰসহ আটক ডকাইতৰ দল

নগাঁও, নৱেম্বৰ 26 : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইতৰ দল ৷ গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা নগাঁও আৰক্ষীৰ দুটা দলে জিলাখনৰ বঢ়মপুৰ আৰু নগাওঁ চহৰত অভিযান চলাই আটক কৰে ডকাইতৰ দলটোক ৷ এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে ৷ নগাঁও জিলাৰ কুখ্যাত অপৰাধী ৰাজীৱ বৰদলৈৰ বঢ়মপুৰৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে এটা .22 পিস্তল, এটা পুতলা পিস্তল, এখন দা, দুটা সজীৱ গুলী, এটা চেটেলাইট ফোনৰ লগতে নগদ পাঁচ হাজাৰ টকা ৷

Nagaon police arrested 7 miscreants
বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল

উল্লেখ্য যে, এই ডকাইতৰ দলটোৱে যোৱা 16 নৱেম্বৰত পুৰণিগুদামৰ ৰিলায়েঞ্চ তেল ডিপোত সংঘটিত কৰিছিল ডকাইতি কাণ্ড ৷ দলটোৱে তেল ডিপোটোৰ পৰা লুটি নিয়ে চিচি কেমেৰা, এটা এল চি ডি, নগধ ধনকে ধৰি বহু সামগ্ৰী ৷ সোমবাৰে নিশা পুনৰ ডকাইতৰ দলটোৱে ডকাইতিৰ পৰিকল্পনা কৰাৰ খবৰ পাই দলটো ধৰিবলৈ তৎপৰ হৈ পৰে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি ৷

অস্ত্ৰসহ আটক ডকাইতৰ দল

আৰক্ষীয়ে সুসজ্জিত দলসহ জন দাস আৰু মৃণ্ময় দাসৰ নেতৃত্বত ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ অভিযানত আৰক্ষীৰ জালত পৰে ডকাইতৰ দলটোৰ মূল মাষ্টাৰ মাইণ্ড ৰাজীৱ বৰদলৈ, বঢ়মপুৰৰ পৰা দ্বীপজ্যোতি শৰ্মা, খনজ্যোতি হাজৰিকা, হেমন্ত হাজৰিকা, কামপুৰৰ পৰা দ্বীপন বৰা, বামুনীৰ মিনহাজ আহমেদ , বৰভেটিৰ জাকিৰ শ্বেখ ৷ এই দলটোৰ আটকৰ পাচত আৰু অধিক অপৰাধীক আটক কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰিছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়ক : ওৰাঙত পত্নীয়ে হত্যা কৰিলে স্বামীক, দেৰগাঁৱত মৰিয়াই মৰিয়াই হত্যা এজনক

Intro:নগাওঁ আৰক্ষীৰ সফল অভিযান। পেট্ৰল পাম্পত সংঘটিত ডকাইতি ঘটনাৰ গেং আৰক্ষীৰ জালত। উদ্ধাৰ পিষ্টলসহ বহু অপত্তিজনক সামগ্ৰী। গাড়ী হাইজেকৰ পৰিকল্পনা কৰোঁতেই আটক ডকাইতৰ দল।


Body:নগাঁৱৰ পুৰণিগুদাম পেট্ৰল পাম্পত ১৬ নৱেম্বৰত সংঘটিত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাত জড়িত সাতজনকৈ ডকাইত জালত পৰিছে নগাওঁ আৰক্ষীৰ। নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ডকাইতৰ এটা বৃহৎ গেং। মাৰণাস্ত্ৰৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীক ভাবুকি দি পেট্ৰল পাম্পৰ পৰা লুটি নিছিল নগদ ধনসহ বহু সামগ্ৰী। নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ তৎপৰতাত সোমবাৰে নিশা নগাঁৱৰ বঢ়মপুৰ, নগাওঁ চহৰৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই আৰক্ষীয়ে সাতটাকৈ কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয়। চাঞ্চল্যকৰ ডকাইতি ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড ৰাজীৱ বৰদলৈৰ বঢ়মপুৰৰ বাসগৃহৰ পৰা চুৰি সামগ্ৰীসহ বহু আপত্তিজনক সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। আৰক্ষীয়ে এটা পইণ্ট টু টু পিষ্টল দুই জাই সজীৱ গুলী, এটা পুতলা পুষ্টল, এটা ৱাকি টকীৰ লগতে টকা হিচাপ কৰা যন্ত্ৰসহ ডকাইতি কাৰ্য্যত ব্যৱহাৰ কৰা বহু সামগ্ৰীও জব্দ কৰে নগাওঁ আৰক্ষীয়ে। আৰক্ষীৰ দলটোৱে ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ বৰদলৈৰ লগতে, বঢ়মপুৰৰ পৰা দ্বীপজ্যোতি শৰ্মা, খনজ্যোতি হাজৰিকা, হেমন্ত হাজৰিকা, কামপুৰৰ পৰা দ্বীপন বৰা, চামগুৰি বামুনিৰ পৰা মিনহাজ আহমেদ , বৰভেটিৰ পৰা জাকিৰ শ্বেখক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে সোমবাৰে নিশা এই ডকাইতৰ গেঙ টোৱে গাড়ী হাইজেক কৰাৰ পৰিকল্পনা কৰিছিল যদিও নগাওঁ আৰক্ষীৰ তৎপৰতাৰ বাবে আটক হয় আটাইকেইটা ডকাইত।
bite, sp nagaon
-----–--------------------/----------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৬-১১-১৯


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.