ETV Bharat / state

নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত

author img

By

Published : Jan 29, 2021, 1:04 PM IST

নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত
নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত

বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট সুৰেশ ৰাভাক ৷ নিশা নগাঁৱৰ পৰা নৈশ বাছ যোগে চট্টিশগড়লৈ পলায়নৰ বাবে যো-জা চলোৱা অৱস্থাতে কঠিয়াতলী আৰক্ষী চকীৰ বিষয়া কৈলাশ নেৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ম’বাইল ট্ৰেক কৰি গ্ৰেপ্তাৰ কৰে শিশু ধৰ্ষণকাৰীটোক ৷ ইতিমধ্যে কঠিয়াতলী আৰক্ষীয়ে 25/21 U/S 365/376 AB IPC Sec 4 Pocso Act নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত সুৰেশ ৰাভাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

বঢ়মপুৰ,29 জানুৱাৰীঃ নগাওঁ জিলাৰ কঠীয়াতলী কছাৰী গাঁৱৰ আবাসী সুৰেশ ৰাভা নামৰ এগৰাকী 50 উৰ্ধৰ বক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ ৷ এগৰাকী 9 বছৰীয়া শিশুক ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ সুৰেশ ৰাভাৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি,কঠিয়াতলীৰ সুৰেশ ৰাভাই যোৱা 26 জানুৱাৰীত নিজ বায়েকৰ ঘৰলৈ গৈ থকা সময়তে শিশুটিক ফুচুলাই নি ধৰ্ষণ কৰে ৷ ঘটনা সংঘটিত কৰি শিশুটিক কাকো একো নক'বলৈ ভীতি প্ৰদৰ্শন কৰিছিল সুৰেশ ৰাভাই ৷ কিন্তু বৃহস্পতিবাৰে অধিক ৰক্তক্ষৰণ হোৱাৰ বাবে শিশুটিয়ে পৰিয়ালক সমগ্ৰ ঘটনা অৱগত কৰে ৷

নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত

এই ঘটনা বিয়পি পৰাৰ পাছতে গাঁৱৰ পৰা পলায়ন কৰে অভিযুক্ত সুৰেশ ৰাভাই ৷ ইয়াৰ পিছতে পলাতক সুৰেশ ৰাভাৰ উচিত শাস্তিৰ দাবী তুলি শতাধিক মহিলাই অভিযুক্ত লম্পট সুৰেশ ৰাভাৰ ঘৰ ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ অৱশেষত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ কিশোৰী গৰাকীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি তথা শিশুটিৰ পিতৃয়ে দিয়া এজাহাৰৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে কঠীয়াতলী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ৷ লগতে পলাতক অৱস্থাত থকা সুৰেশ ৰাভাক বিচাৰি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷

নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত
নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত
তাৰ পিছতেই বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট সুৰেশ ৰাভাক ৷ নিশা নগাঁৱৰ পৰা নৈশ বাছ যোগে চট্টিশগড়লৈ পলায়নৰ বাবে যো- জা চলোৱা অৱস্থাতে কঠিয়াতলী আৰক্ষী চকীৰ বিষয়া কৈলাশ নেৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ম’বাইল ট্ৰেক কৰি গ্ৰেপ্তাৰ কৰে শিশু ধৰ্ষণকাৰীটোক ৷ ইতিমধ্যে কঠিয়াতলী আৰক্ষীয়ে 25/21 U/S 365/376 AB IPC Sec 4 Pocso Act নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত সুৰেশ ৰাভাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত
নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত
লগতে পঢ়কঃ নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ গুৰুতৰ অভিযোগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.