ETV Bharat / state

Keshab Mahanta in Kaliabor: ব্ৰহ্মপুত্ৰৰ মথাউৰি পকীকৰণ প্ৰকল্পৰ শুভাৰম্ভণি

author img

By

Published : Dec 2, 2022, 7:17 PM IST

minister-layed-foundation-stone-on-brahmaputra-embankment-at-kaliabor
Keshab Mahanta in Kaliabor: ব্ৰহ্মপুত্ৰৰ মথাউৰি পকীকৰণ প্ৰকল্পৰ শুভাৰম্ভণি

ব্ৰহ্মপুত্ৰৰ মথাউৰি পকীকৰণৰ প্ৰকল্প ৰাজ্য চৰকাৰৰ ৷ ৰাজ‍্যত এহেজাৰ কিলোমিটাৰ মথাউৰিত নিৰ্মাণ হ'ব এই পকী পথ(Assam Government aims to build embankment) ৷ কলিয়াবৰত এই প্ৰকল্পৰ আজি শুভাৰম্ভণি কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ শিলঘাটৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবেও এছিয়ান বিকাশ বেংকৰ সহযোগত লোৱা হৈছে পৰিকল্পনা ৷

কলিয়াবৰ, 2 ডিচেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ 1000 কিলোমিটাৰ মথাউৰি পকীকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে(Assam Government aims to build embankment) ৷ এই পৰিকল্পনাৰ সৈতে সংগতি ৰাখি কলিয়াবৰৰ শিলঘাট-ধিং মথাউৰি পকীকৰণৰ আধাৰশিলা আজি স্থাপন কৰা হয়(state government project to pave the Brahmaputra embankment) ৷ কলিয়াবৰৰ শিলঘাট-ধিং মথাউৰি পকীকৰণৰ আধাৰশিলা উন্মোচন কৰে কেবিনেট মন্ত্ৰী কেশৱ মহন্তই(Cabinet minister Keshab Mahanta inaugurated Brahmaputra embankment ) ।

ব্ৰহ্মপুত্ৰৰ মথাউৰি পকীকৰণ প্ৰকল্পৰ শুভাৰম্ভণি

শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ ক্ষেত্ৰতো কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে(Cabinet minister reaction on Brahmaputra embankment) ৷ মথাউৰি পকীকৰণৰ দ্বাৰা গৰাখহনীয়া বহু পৰিমাণে ৰোধ কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে ৷

মধ্য অসমৰ অন্যতম আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ শিলঘাট-ধিং মথাউৰিক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে কলিয়াবৰৰ শিলঘাট-ধিং মথাউৰি পকীকৰণৰ আধাৰশিলা উন্মোচন কৰে । কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনৰ ২০২২-২৩ বিত্তীৰ্য় বৰ্ষৰ শিতানত নিৰ্মাণ হব এই পথটো । এই মথাউৰিটো পকীকৰণৰ জৰিয়তে কেৱল নৈৰ পাৰৰ লোকসকলে সুৰক্ষা লাভ কৰাই নহয় ই সুচল যোগাযোগৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ শিলঘাট-ধিং মথাউৰি পকীকৰণৰ জৰিয়তে শিলঘাট-তেজপুৰ, শিলঘাট-নগাঁও-ধিঙৰ লগতে চামগুৰি, লাওখোৱা-বৰঘূলী-তেজপুৰলৈ পৰিবহণ কৰাত সহজ হৈ পৰিব বুলি উন্মোচনী অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে(Keshab Mahanta in Kaliabor) ।

ইফালে, মধ্য অসমৰ প্ৰাণৰেখা হাতীমূৰা মথাউৰিকো ৰাজ্য চৰকাৰৰ উদ্যোগত শীঘ্ৰেই পকীকৰণ কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে ৷ সম্পূৰ্ণ 5.5 কিলোমিটাৰ দৈৰ্ঘৰ হাতীমূৰা মথাউৰি পকীকৰণৰ কাম অহা বছৰৰ পৰা আৰম্ভ কৰা হ’ব বুলি কেবিনেট মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে । উল্লেখযোগ্য যে, শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এছিয়ান বিকাশ বেংকৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: India G20 presidency 2023: মনোৰম আলোকসজ্জাৰে সজাই তোলা হৈছে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.