ETV Bharat / state

বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড টিভি চেনেলৰ সাংবাদিক: আমিনুল ইছলাম

author img

By

Published : Jun 6, 2022, 8:01 PM IST

বটদ্ৰৱা কাণ্ডক লৈ এইবাৰ বিস্ফোৰক মন্তব্য বিধায়ক আমিনুল ইছলামৰ (Aminul Islam on Batadrava incident)। বটদ্ৰৱা কাণ্ডত এটা ব্যক্তিগত মালিকানাধীন বৈদ্যুতিন মাধ্যমৰ সাংবাদিক জড়িত থকাৰ বিস্ফোৰক অভিযোগ আমিনুল ইছলামৰ । জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকলৈ ভিডিঅ’ ফুটেজ প্ৰেৰণ কৰা বুলি মন্তব্য অমিনুল ইছলামৰ ।

Aminul Islam on Batadrava incident
বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড টিভি চেনেলৰ সাংবাদিক: আমিনুল ইছলাম

নগাঁও, 6 জুন: সমগ্ৰ দেশ কঁপাই যোৱা বটদ্ৰৱা কাণ্ডক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে(Aminul Islam on Batadrava incident) । এটা ব্যক্তিগত মালিকানাধীন বৈদ্যুতিন মাধ্যমৰ সাংবাদিকৰ বিৰুদ্ধে আৰক্ষী থানা আক্ৰমণৰ পূৰ্বে উচটনি দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমিনুল ইছলামে । ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি যোৱা ২১ মে'ত জ্বলিছিল নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা ।

আৰক্ষীৰ জিম্মাত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদৰ নামত আৰক্ষী থানাত আক্ৰমণ কৰিছিল একাংশ লোকে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্য একপ্ৰকাৰ উত্তাল হৈ পৰিছিল । একে সময়তে ভিডিঅ’ ফুটেজৰ ভিত্তিত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ইতিমধ্যে বহুকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । বটদ্ৰৱা কাণ্ডক(Batadrava violence) লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ধিং সমষ্টিৰ বিধায়ক অমিনুল ইছলামে কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য ।

বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড টিভি চেনেলৰ সাংবাদিক: আমিনুল ইছলাম

বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণ হোৱাৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱাৰ এগৰাকী সাংবাদিকে উচটনি দিয়া বুলি মন্তব্য কৰে বিধায়ক অমিনুল ইছলামে । এটা ব্যক্তিগত ছেটলাইট চেনেলৰ বটদ্ৰৱাৰ এজন ফটো সাংবাদিকৰ উচটনিতেই বটদ্ৰৱা কাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অমিনুল ইছলামে । আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে উত্তেজিত লোকক বগা টি-চাৰ্ট পৰিহিত এজন যুৱকে শান্ত কৰাৰ চেষ্টা চলোৱা বুলি দাবী কৰি সেই সময়ত বিশেষ ফটো সাংবাদিকজনে পৰিৱেশ শান্ত কৰিব বিচৰা লোকজনক থানাৰ দালাল অভিহিত কৰি উত্তেজিত লোকক অধিক উত্তেজিত কৰা বুলি মন্তব্য কৰে বিধায়ক অমিনুল ইছলামে ।

শেহতীয়াকৈ সেই সময়ৰ এটা ভিডিঅ’ ফুটেজ থকা বুলিও দাবী কৰি নগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ ভিডিঅ’ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে বিধায়ক অমিনুল ইছলামে (Video footage of Batadrava police station incident)।

লগতে পঢ়ক: PPE Kit controversy: মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী আম আদমি পাৰ্টিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.