ETV Bharat / state

অসমৰ পৰা গৈ ফিলিপাইনছত দৌৰি ব্ৰঞ্জ আঁজুৰিলে প্ৰমিলাই

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 4:49 PM IST

Master athletics International Game 2023
ব্ৰঞ্জৰ পদেকেৰে অসমলৈ গৌৰৱ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত সাফল্য ৰহাৰ বাৰপূজীয়াৰ এগৰাকী বোৱাৰীৰ; লাভ কৰিলে ব্ৰঞ্জ পদক (Master athletics International Game 2023) ৷

ব্ৰঞ্জৰ পদেকেৰে অসমলৈ গৌৰৱ

ৰহা, 17 নৱেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিল ৰহাৰ বাৰপূজীয়াৰ এগৰাকী মহিলা । ফিলিপাইনছত অলপতে অনুষ্ঠিত হোৱা Master athletics International Game 2023 ত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক লাভ কৰে প্ৰমিলা দাস নামৰ এগৰাকী মহিলাই ৷

Master athletics International Game 2023 ভাৰতৰ হৈ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৩২ বছৰীয়া প্ৰমীলা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । উক্ত আন্তঃৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰহা তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰমীলা দাস এগৰাকী বিবাহিতা মহিলা ৷ বিয়াৰ পিচত ঘৰুৱা দায়িত্ব পালন কৰাৰ লগতে দৈনিক নিজৰ অধ্যৱসায়ৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইতিমধ্যে কেইবাটাও সোণৰ পদক লাভ কৰিছে তেওঁ ।

দিল্লী, কলিকতা, মণিপুৰ আদি বিভিন্ন ঠাইত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ স্বৰ্ণ পদক লাভ কৰিছে তেওঁ ৷ উন্নত দৌৰ প্ৰশিক্ষণৰ বাবে অভ্যাস কৰিবলৈ অৰ্থৰ অভাৱৰ বাবেই বহু সময়ত তেওঁ থমকি ৰ’বলগীয়া হয় বুলিও দুখ প্ৰকাশ কৰে। খেলুৱৈগৰাকীয়ে সাংবাদিকৰে হোৱা কথা বতৰাত কয়- “মই সৰুৰে পৰাই দৌৰি ভাল পাঁও আৰু বিয়াৰ পিচতো বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো । বিয়াৰ পিচতো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা দৌৰ প্ৰতিযোগিতাসমূহত ভাগ লৈ কেইবাবাৰো সোণৰ পদক পাবলৈ সক্ষম হৈছিলোঁ, যিয়ে মোক উৎসাহ দিছিল আৰু শেহতীয়াভাৱে ফিলিপাইনছত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰি অতি আনন্দিত হৈছোঁ ৷ গাঁওবাসীয়ে এইক্ষেত্ৰত মোক যথেষ্ট সহায় আগবঢ়াইছে ।"

উল্লেখ্য যে, ৩২ বছৰীয়া প্ৰমীলা দাসে ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে । ভাৰতবৰ্ষৰ লগতে শ্ৰীলংকা, নেপাল, ফিলিপাইনছ, কেনিয়া, মালদ্বীপ, সংযুক্ত আৰব আমিৰশ্বাহি, থাইলেণ্ড, পাকিস্তান আদিৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত।

লগতে পঢ়ক : লখিমপুৰত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.