ETV Bharat / state

লখিমপুৰত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:48 PM IST

Night football tournament to be held in Lakhimpur
লখিমপুৰত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

লখিমপুৰ জিলা ক্ৰীড়া সংন্থাৰ উদ্যোগত আৰু নকাৰী ক্লাৱৰ সহযোগত লখিমপুৰত উত্তৰ-পূৱ ভাৰত ভিত্তিত আমন্ত্রণমূলক লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন । মণিপুৰ, দাৰ্জিলিং আদি বিভিন্ন স্থানৰ দলৰ উপৰিও ৰাজ্যৰ কেইবাটাও দলসহ মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিব এই ফুটবল প্ৰতিযোগিতাত ।

লখিমপুৰত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

লখিমপুৰ,১৬ নৱেম্বৰ: লখিমপুৰত উত্তৰ-পূৱ ভাৰত ভিত্তিত আমন্ত্রণমূলক 'লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল' প্ৰতিযোগিতাৰ আয়োজন । উত্তৰ-পূব ভাৰত ভিত্তিত আমন্ত্রণমূলক ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে লখিমপুৰ জিলা ক্ৰীড়া সংন্থাৰ উদ্যোগত আৰু নগৰৰ নকাৰী ক্লাৱে । লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল প্ৰতিযোগিতা নামেৰে নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ২০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে ।

উল্লেখ্য নকাৰী ক্লাৱৰ প্লেটিনাম জুবিলি উপলক্ষে আয়োজন কৰা বিভিন্ন কাৰ্যক্ৰমৰ এক অংশ হিচাপে জিলা ক্ৰীড়া সংন্থাৰ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । মণিপুৰ, দাৰ্জিলিং আদি বিভিন্ন স্থানৰ দলৰ উপৰি নৰ্থ-ইষ্ট স্পৰ্টচ এচোছিয়েচন, অসম পুলিচ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আদি ঘৰুৱা দলসহ মুঠ চৈধ্যটা দলে এই প্ৰতিযোগিতাত অংশগ্রহণ কৰিব ।

বৃহস্পতিবাৰে বিয়লি জিলা ক্ৰীড়া সংস্থা আৰু নকাৰী ক্লাৱৰ বিষয়ববীয়াই এই প্ৰতিযোগিতাখনৰ আয়োজন সম্পর্কে এখনি সংবাদমেল সম্বোধন কৰি সকলো কথা সদৰী কৰে । প্ৰায় ১৬ লাখ টকা ব্যয়ৰে আয়োজন কৰা এই প্ৰতিযোগিতাৰ বিজয়ী দলক এক লাখ টকা আৰু ৰাণাৰ্চ আপ দলক ৫০ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি উদ্যোক্তাসকলে এই ধনৰাশি ক্লাৱ তথা সংস্থাসমূহৰ অনুদান আৰু শুভাকাংখীৰ শুভেচ্ছামূলক অনুদানেৰে সংগ্রহ কৰাৰ লক্ষ্য লোৱা বুলি কয় ।

সংবাদমেলখনত জিলা ক্ৰীড়া সংন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমেদ, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি দীপক ছেত্রী, জিলা ক্ৰীড়া সংন্থাৰ সাংগঠনিক সম্পাদক দীপাংকৰ তামুলী ফুকন, যুটীয়া সম্পাদক ভাস্কৰ চাবুকধৰা,নকাৰী ক্লাবৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰজিত দত্ত, সম্পাদক ছাজু আহমেদ আদিয়ে অংশগ্রহণ কৰে । প্ৰতিযোগিতাখন সফল কৰি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অৰুণাচলী GI টেগৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.