ETV Bharat / state

Man dies in police custody: কামপুৰ আৰক্ষী থানাত জিম্মাত থকা ব্যক্তিৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Apr 13, 2023, 1:37 PM IST

Man Died in a Police Custody at Kampur of Nagaon
আৰক্ষীৰ জিম্মাত ৰহস্যজনক মৃত্যু

কামপুৰ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুৰ অভিযোগ ৷ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যু হয় লোক জনৰ ৷ মৃত্যু হোৱা লোকজন কামপুৰ ৰেল কলনিৰ মতি প্ৰসাদ বৰা বুলি জানিব পৰা গৈছে (Man dies in police custody) ৷

কামপুৰ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু

কামপুৰ, 13 এপ্ৰিল: নগাঁৱৰ কামপুৰত ৰহস্যজনক ঘটনা ৷ কামপুৰ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুৰ অভিযোগ ৷ ন্যায় বিচাৰি থানাৰ চৌহদত ইনাই-বিনাই কান্দিছে পত্নীয়ে ।

থানাৰ চৌহদত হিয়া ঢাকুৰি কান্দিছে এগৰাকী মহিলাই ৷ দৃশ্যটো কামপুৰ আৰক্ষী থানাৰ ৷ কামপুৰ আৰক্ষী থানাত ৰহস্যজনক মৃত্যু ঘটে মহিলাগৰাকীৰ স্বামীৰ ৷ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যু হয় লোক জনৰ ৷ মৃত্যু হোৱা লোকজন কামপুৰ ৰে’ল কলনিৰ মতি প্ৰসাদ বৰা বুলি জানিব পৰা গৈছে (Man dies in police custody) ৷

পত্নীক দাৰে আক্ৰমণ কৰাৰ অভিযোগত লোকজনক আটক কৰিছিল কামপুৰ আৰক্ষীয়ে ৷ নিশা আৰক্ষী জিম্মাত থকা অৱস্থাত থানাৰ ভিতৰতে ঢলি পৰিছিল লোকজন ৷ ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক ৷ লোকজনৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই (Death of a Man in custody) ৷ উল্লেখযোগ্য যে, মৃত ব্যক্তিগৰাকী সুৰাসক্ত অৱস্থাটো আছিল বুলি জানিব পৰা গৈছে ৷ প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত ব্যক্তিজন সম্পূৰ্ণ সুষ্ঠ অৱস্থাত আছিল বুলি অৱগত কৰিছে চিকিৎসকে ৷

আৰক্ষীয়ে লোকজনক মাৰপিট কৰাৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে ৷ আৰক্ষীয়ে মতিপ্ৰসাদ বৰাক প্ৰাথমিক চিকিৎসা কৰাই নিজৰ জিম্মাত লৈছিল । প্ৰাথমিক চিকিৎসাৰ ৰিপ'ৰ্টমতে মতিপ্ৰসাদ বৰা সুস্থ আছিল যদিও থানালৈ অনাৰ এঘন্টাৰ পাচতে তেখেতৰ মৃত্যু হোৱাত সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ ৷ স্বামীৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়া থানাৰ চৌহদত ইনাই-বিনাই কান্দিছে পত্নীয়ে (Man Died in a Police Custody at Kampur of Nagaon) ৷

মতিপ্ৰসাদ বৰাৰ মৃতদেহ কামপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে নগাঁৱলৈ প্ৰেৰণ কৰিছে । ব্যক্তিজনৰ মৃত্যুকলৈ অনাকাংক্ষিত পৰিস্থিতিৰ আশংকাত কামপুৰ থানাত বৰ্তমান মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী (Man Died in a Police Custody at Kampur) ৷

লগতে পঢ়ক: Attempt to Rape: মাজুলীৰ অফলামুখ ফেৰীঘাটৰ সমীপত বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.