ETV Bharat / state

নগাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী

author img

By

Published : May 8, 2020, 10:45 AM IST

man and elephant conflict, one forest worker died at nagaon
নগাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী

হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি। হাতী খেদিবলৈ গৈ প্ৰাণ দিবলগীয়া হ'ল বনকৰ্মীয়ে । হাতীৰ আক্ৰমণত নিহত বনকৰ্মী লাৰুধন বৰদলৈ।

নগাঁও,8 মে' ঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। এইবাৰ চামগুৰিৰ শালনাত হাতী মানুহৰ সংঘাতে ল'লে ভয়ংকৰ ৰূপ। বৃহস্পতিবাৰে পুৱাৰ পৰাই ননৈ চাহ বাগিচাত বিচৰণ কৰা এটা হাতীৰ জাক খেদিবলৈ বিয়লি তৎপৰ হয় শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দল। দলটোৱে হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা কৰোঁতেই হাতীৰ জাকটোৱে চোঁচা লয় বনকৰ্মীৰ দলটোলৈ। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত নিহত হয় বনকৰ্মী লাৰুধন বৰদলৈ।

নগাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী

সাত আঠ জনীয়া হাতীৰ জাকটোৰ উপৰ্যুপৰি আক্ৰমণত প্ৰথমে গুৰুতৰভাৱে আহত হোৱা বনকৰ্মীজনক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । নিহত বনকৰ্মী লাৰুধন বৰদলৈৰ ঘৰ নগাঁৱৰ জাজৰিত। উল্লেখযোগ্য যে, হাতীৰ আক্ৰমণত নিহত হোৱা বনকৰ্মী লাৰুধন বৰদলৈ পূৰ্বেও মুখামুখী হৈছিল বাঘৰ সৈতে। আত্মৰক্ষাৰ বাবে বাঘলৈ গুলী চালনা কৰিবলগীয়া হৈছিল বুলিও জানিব পৰা গৈছে। গুলীচালনা কৰি বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পৰা সাহসী বনকৰ্মী লাৰুধন বৰদলৈয়ে অৱশেষত প্ৰাণ দিবলগীয়া হ'ল হাতীৰ আক্ৰমণত। বনকৰ্মীজনৰ মৃত্যুৱে শোকাস্তব্ধ কৰি তুলিছে নগাওঁ বন বিভাগৰ লগতে স্থানীয় ৰাইজক।

লগতে পঢ়কঃএকেদিনাই অসমত 8 গৰাকী COVID-19ত আক্ৰান্ত চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.