ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বিষয়া-কৰ্মচাৰী, বনৰক্ষীৰ ৰঙালী বিহু উদযাপন

author img

By

Published : Apr 17, 2022, 7:30 PM IST

kaziranga-national-park-forest-workers-celebrating-rongali-bihu
কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বিষয়া-কৰ্মচাৰী, বনৰক্ষীৰ ৰঙালী বিহু উদযাপন

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍ালয়ত বন বিষয়া-কৰ্মচাৰী, বনৰক্ষীৰ ৰঙালী বিহু উদযাপন (Kaziranga National Park forest workers celebrating Rongali Bihu)৷ ৰঙালী বিহু উপলক্ষে এপাক কঁকাল ভাঙি নাচিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কৰ্মচাৰীয়ে ৷

কলিয়াবৰ, 17 এপ্ৰিল : চৌদিশে এতিয়া কেৱল ৰঙালীৰ আনন্দ (Rongali Bihu 2022) ৷ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৷ ৰাজ্যৰ চহৰ-নগৰকে আদি কৰি সকলো অঞ্চলতে ৰঙালীৰ আনন্দ-উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে কৰ্তব্যৰ খাতিৰত বহু লোকে নিজৰ আপোন ঘৰখনৰ পৰা বহু নিলগত থাকি নিষ্ঠাৰে কৰ্তব‍্য পালন কৰা পৰিলক্ষিত হয় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বিষয়া-কৰ্মচাৰী, বনৰক্ষীৰ ৰঙালী বিহু উদযাপন

বিভিন্ন উৎসৱ-পাৰ্বনৰ সময়তে নিজ কৰ্মক্ষত্ৰতে সহকৰ্মী বিষয়া-কৰ্মচাৰীৰে মিলি অনুষ্টুপীয়াকৈ হ'লেও মনৰ দুখ পাতলাই উদযাপন কৰা দেখা যায় । সমান্তৰালকৈ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍ালয়ত বন বিষয়া-কৰ্মচাৰী, বনৰক্ষীসকলেও উদযাপন কৰিলে ৰঙালী বিহু ৷

উৎসৱ-পাৰ্বনৰ সময়তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলে আপোন ঘৰখনৰ পৰা দূৰত থাকি ৰ'দ-বৰষুণক আওকাণ কৰি নিজ কৰ্তব‍্য পালন কৰি আহিছে (Kaziranga National Park forest workers celebrating Rongali Bihu)। বনকৰ্মীসকলে অতি নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে । নিজ ঘৰখনৰ পৰা আঁতৰত থাকিও বিহুৰ দিনা বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মীসকলে এপাক নাচি বিহুগীত জুৰি উদযাপন কৰিলে হেপাঁহৰ ৰঙালী বিহু ৷

লগতে পঢ়ক : Eviction drive in Kaziranga animal corridors: ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.