ETV Bharat / state

Kaziranga National Park: কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ গৈছেগৈ গজৰাজ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 3:21 PM IST

Kaziranga National Park
কাৰ্বি পাহাৰলৈ গৈছেগৈ গজৰাজ

দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক মনোমুগ্ধকৰ দৃশ্য ৷ খাদ্যৰ সন্ধানত ৰাজপথ অতিক্ৰম কৰিছে হাতীৰ বিশাল তিনিটাকৈ জাকে ৷ এলিভেটেড ক’ৰিডৰ নিৰ্মাণৰ সময়ত যাতে জীৱ-জন্তুৰ বিচৰণত সমস্য নহয় তাৰে বাবে উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান ৷

কাৰ্বি পাহাৰলৈ গৈছেগৈ গজৰাজ

কলিয়াবৰ, 11 নৱেম্বৰ : শৰৎ নেওচি নামিছে শীত ৷ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ শীতৰ সৌন্দৰ্য নেদেখিলে কল্পনাতীত ৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ৷ পৰ্যটকৰ বাবে জীপ ছাফাৰী, হাতী ছাফাৰীৰে উদ্যানখন উপভোগ কৰাৰ সুন্দৰ ব্যৱস্থা আছে ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গৈ থাকোতে ৰাস্তাত গাড়ী ৰখাই কাজিৰঙাক এবাৰ চাই যোৱা কামটো সকলোৱে কৰে ৷ সেই বাটটোত অহা-যোৱা কৰোতে কেতিয়াবা হাতী,গঁড়, হৰিণা নিশ্চয়কৈ আপোনাৰ চকুত পৰিছে ৷ পুনৰ তেনে এক নান্দনিক দৃশ্য বন্দী হ’ল আমাৰ কেমেৰাত ৷

শৰতৰ বৰ্ষাহীন পৰিৱেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজী পৰিৱেশ ক্ৰমাৎ শুষ্ক হৈ পৰে । শীত অহালৈ কাজিৰঙাত তৃণ-লতাহীন এক মুকলি পৰিৱেশে বিৰাজ কৰে । পহু-গঁড়-ম'হ-হাতীৰ জাকে মুকলিত খাদ্য খাবলৈ আহি পৰ্যটকৰ চকুত সন্মুখতে ধৰা দিয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উজনি-নামনিলৈ আহ-যাহ কৰা যাত্ৰীয়েও এনে মনোমুগ্ধকৰ দৃশ্যৰ সোৱাদ লয় । হাতীৰ জাকবোৰে এনে দিনতে কাজিৰঙাৰ বুকুত খাদ্যৰ অভাৱ হোৱাৰ বাবে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় পথ পাৰ হৈ সঘনাই গতি কৰে কাৰ্বি পাহাৰলৈ । ৰাষ্ট্ৰীয় পথেৰে দুয়ো দিশৰ পৰা অহা যাত্ৰীয়ে হাতীৰ জাকবোৰৰ দৃশ্য উপভোগ কৰি সন্তুষ্ট হয় ।

হাতীৰ জাকবোৰে ধীৰ-গম্ভীৰ গতিৰে ঘাই পথ অতিক্ৰম কৰে কাৰো হানি-বিঘিনি নকৰাকৈ । এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথত প্ৰস্তাৱিত এলিভেটেড ক’ৰিডৰ নিৰ্মাণৰ সময়ত যাতে এনে হাতী-পহু-গঁড়-ম’হৰ বিচৰণত অসুবিধা নহয় তাৰ বাবে সঠিক ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনাইছে কাজিৰঙাৰ দাঁতিকাষৰীয়া বাসিন্দাই ।

লগতে পঢ়ক : A story of Hatibadhu: হাতী-মানুহৰ সংঘাত ৰুধিবলৈ পাহাৰৰ দাঁতিত ঘাঁহ আৰু ধানখেতি হাতীবন্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.