ETV Bharat / state

Nagaon Book Release : নগাঁৱত ড৹ নৰেন কলিতাক প্ৰদান কলা বিভূষণ উপাধি

author img

By

Published : May 2, 2023, 7:25 AM IST

Book Release in Nagaon
নগাঁও মহাবিদ্যালয়ৰ বাকৰিত গ্ৰন্থ উন্মোচন

নগাঁৱত ‘‘প্ৰজ্ঞাভূষণ ড৹ নৰেন কলিতা’’ শীৰ্ষক গ্ৰন্থ উন্মোচন ৷ কলং কলা কেন্দ্ৰৰ উদ্যোগত, ড৹ নৰেন কলিতা শিক্ষা, কলা আৰু সাংস্কৃতিক ন্যাসৰ সহযোগত নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় গ্ৰন্থখন ৷ এই অনুষ্ঠানতে ড৹ নৰেন কলিতালৈ প্ৰদান কৰা হ’ল ‘‘কলা বিভূষণ’’ উপাধি (Book Release in Nagaon) ৷

প্ৰজ্ঞাভূষণ ড৹ নৰেন কলিতা

নগাঁও, 2 মে’ : সোমবাৰে উন্মোচন নগাঁৱত ‘‘প্ৰজ্ঞাভূষণ ড৹ নৰেন কলিতা’’ শীৰ্ষক গ্ৰন্থখন ৷ সোমবাৰে কলং কলা কেন্দ্ৰৰ উদ্যোগত, ড৹ নৰেন কলিতা শিক্ষা, কলা আৰু সাংস্কৃতিক ন্যাসৰ সহযোগত নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় গ্ৰন্থখন ৷ ভগবান চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমানৰ অসম চৰকাৰৰ তথ্য আয়ুক্ত ভাস্কৰজ্যাতি মহন্তই ৷ এই অনুষ্ঠানতে ড৹ নৰেন কলিতালৈ প্ৰদান কৰা হ’ল ‘‘কলা বিভূষণ’’ উপাধি (Book Release in Nagaon) ৷

এই অনুষ্ঠানত উপস্থিত থাকি ড৹ নৰেন কলিতা অসমৰ কলা ইতিহাসৰ মূল কাণ্ডাৰী বুলি মন্তব্য কৰে অসমৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ এই গ্ৰন্থখনি উন্মোচন কৰি ভাস্কৰজ্যোতি মহন্তই কয় যে ড৹ নৰেন কলিতাই অসমৰ কলা-জগতখনৰ বাবে বা সত্ৰীয়া কলা-শিল্পৰ বাবে যিখিনি কাম কৰিছে সেয়া ব্যতিক্ৰম ৷ জটিল আৰু সুক্ষ্মদৰ্শী এই কামসমূহে অসমীয়া সংস্কৃতিলৈ যি নতুন মাত্ৰা আনিছে ৷ তাৰ বাবে তেওঁ উচিত সন্মান পোৱাৰ যোগ্য ৷ ড৹ নৰেন কলিতাৰ প্ৰতিখন গ্ৰন্থই এক যুগান্তৰকাৰী অধ্যায়ৰ সূচনা কৰি অসমৰ কলা-সমালোচনাৰ জগতখন মহীয়ান কৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (Kala Vibhushan Award to Dr Naren Kalita) ৷

সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি কবি নীলিমা ঠাকুৰীয়া হকে কয় যে ড৹ নৰেন কলিতাৰ শিল্প সাধনা আৰু তেওঁৰ জীৱন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ ড৹ কলিতাৰ গ্ৰন্থসমূহৰ সঠিক পৰ্যালোচনা হোৱাতো অতিকে জৰুৰী বুলি মন্তব্য কৰি ঠাকুৰীয়া হকে কলং কলা কেন্দ্ৰই কলিতাৰ বিষয়ে গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে (Book Release Programme at Nagaon College) ৷

উল্লেখয়োগ্য যে, কলং কলা কেন্দ্ৰই এই সভাতে ড৹ নৰেন কলিতাক প্ৰদান কৰা ‘‘কলা- বিভূষণ’’ উপাধি সন্মানটিৰ স্মাৰক আগবঢ়ায় অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ ইফালে এই সন্মান লাভ কৰি এই দিনটো জীৱনৰ আটাইতকৈ মধুৰতম ক্ষণ বুলি মন্তব্য কৰে ড৹ নৰেন কলিতাই ৷ মনালিছা বৰা শইকীয়াৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনিত নিবেদিতা শইকীয়াই কবিতা আবৃত্তি কৰাৰ লগতে দীপালি বৰা কলিতাই স্বৰচিত গীত পৰিৱেশন কৰে ৷

লগতে পঢ়ক : Guinness World Records: হেমকোষ প্ৰকাশনক প্ৰদান বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.