ETV Bharat / state

কলিয়াবৰত শুভাৰম্ভণি 10 কোটি টকীয়া আঁচনি

author img

By

Published : Feb 26, 2020, 5:27 PM IST

আজি কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভণি কৰে অসম দৰ্শন আচঁনিৰ লগতে অন্যান্য মুঠ 12 খন আঁচনি ৷ এই আঁচনিয়ে সাঙুৰি লৈছে কেইবাখনো দেৱালয়ৰ আন্তঃগাঠনিক উন্নয়নক ৷

10 কোটি ব্যয় সাপেক্ষ আঁচনি
10 কোটি ব্যয় সাপেক্ষ আঁচনি

কলিয়াবৰ, 26 ফেব্ৰুৱাৰীঃ বুধবাৰে কলিয়াবৰত শুভাৰম্ভণি কৰা হয় অসম দৰ্শন আঁচনিৰ লগতে অনান্য মুঠ 12 খন আঁচনি ৷ প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষ এই আঁচনিমূহৰ শুভাৰম্ভণি কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ অসম দৰ্শন আচঁনিয়ে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত নৃসিংহ দেৱালয়, ভঁড়ালী নামঘৰ, নন্দিকেশ্বৰ দেৱালয়, চিত্ৰশংকৰ দেৱালয়, অম্বিকানাথ দেৱালয়ৰ আন্তঃগাঠনি উন্নয়নক সামৰি লৈছে ৷ ইয়োৰোপৰি মাধতাৰী কামাখ্যা,সোণাৰি গাঁও,দুলাল-মাধৱ থান,পাকবন্ধা,দলিবাৰীত নকৈ নিৰ্মাণ কৰিবলগীয়া পথৰো শুভাৰম্ভণি কৰে মন্ত্ৰীগৰাকীয়ে ৷

কলিয়াবৰত শুভাৰম্ভণি 10 কোটি ব্যয় সাপেক্ষ আঁচনি

লগতে পঢ়কঃ ট্ৰাম্পৰ স'তে নৈশ ভোজনত উপস্থিত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.