ETV Bharat / state

Gaonpradhan Suspended: ভূমি জালিয়াতিৰ অভিযোগত গাঁও প্ৰধানক নিলম্বন

author img

By

Published : Nov 1, 2022, 1:10 PM IST

Nagaon
ভূমি জালিয়াতিৰ অভিযোগত গাঁও প্ৰধানক নিলম্বন

কলিয়াবৰত মাটিৰ দালালৰ ৰূপত গাঁও প্ৰধান (Gaonpradhan as a land broker in Kaliabor)। অভিযোগৰ ভিত্তিত তদন্ত কৰি দালাল গাঁও প্ৰধানক নিলম্বনৰ নিৰ্দেশনা দিলে জিলা উপায়ুক্তই । গাঁও প্ৰধান গোলাপ শইকীয়াৰ লগতে এই দালাল চক্ৰত জড়িত আন লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ।

কলিয়াবৰ, ১ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিছিল প্ৰতিটো বিভাগকে (Assam CM against broker)। বিশেষকৈ দালালৰাজ বন্ধ কৰাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে । যাৰ ফলস্বৰূপে বিগত সময়চোৱাত বিভিন্ন বিভাগৰ দালাল চক্ৰক দমন কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়েও পদক্ষেপ গ্ৰহণ কৰিছে ।

ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু মাটিৰ দালাল আৰক্ষীৰ জালত পৰিছে (Land broker arrested)। কিন্তু তাৰ মাজতো একাংশ দালালে এই দুষ্কাৰ্য্য চলাই গৈছে । এইবাৰ নগাঁও জিলাৰ কলিয়াবৰত মাটিৰ দালালত নামিছে গাঁওপ্ৰধান ।

কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ এক প্ৰতিবেদনৰ ভিত্তিত মঙলবাৰে নগাঁও জিলা উপায়ুক্তই কলিয়াবৰ ৰাজহ চক্ৰৰ অধীনৰ কুঢ়িমাৰী গাঁৱৰ গাঁও প্ৰধান গোলাপ শইকীয়াক নিলম্বন কৰে (Gaonpradhan suspended in Kaliabor)। কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰৈমাৰী কিচামতৰ ভূমি জালিয়াতিৰে কিনা-বেচা কৰাৰ অভিযোগত নাম সাঙোৰ খাইছিল চৰকাৰী গাঁওপ্ৰধান গোলাপ শইকীয়াৰ । গোলাপ শইকীয়াৰ বিৰুদ্ধে অভিযোগ তুলি তদন্তৰ দাবী জনাইছিল একাংশ লোকে ।

ভূমি জালিয়াতিৰ অভিযোগত গাঁও প্ৰধানক নিলম্বন

উল্লেখ্য যে, গৰৈমাৰীৰ হাৰেজউদ্দিন আহমেদ নামৰ এজন লোকে গাঁওপ্ৰধান গোলাপ শইকীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল (Allegations of land forgery against Gaonpradhan)। তেওঁৰ অভিযোগ অনুসৰি গাঁও প্ৰধান গোলাপ শইকীয়াই কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱথৰীয়া মৌজাৰ গৰৈমাৰী গাঁৱৰ ১২৫ নম্বৰ পট্টাৰ ৯৩ আৰু ৯৪ দাগৰ ভূমি ৪ জন মৃত ব্যক্তিৰ স্বাক্ষৰ জালিয়াতি কৰি সহপট্টাদাৰৰ নামত মাটিখিনি নামজাৰি কৰাত সহযোগিতা আগবঢ়াইছিল । লগতে কাৰ্যালয়ক ভুল তথ্যৰে বিপথে পৰিচালিত কৰিছিল ।

তেওঁৰ অভিযোগৰ ভিত্তিত তদন্ত কৰা হৈছিল আৰু অৱশেষত তদন্তৰ জৰিয়তে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই প্ৰতিবেদন প্ৰেৰণ কৰিছিল জিলা উপায়ুক্তলৈ । তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত উপায়ুক্তই এক নিৰ্দেশযোগে দুৰ্নীতিগ্ৰস্ত গাঁও প্ৰধানক নিলম্বন কৰে । চৰকাৰী গাঁও প্ৰধান হৈও এনেদৰে জালিয়াতিৰে মাটি হস্তান্তৰ কৰাক লৈ গাঁও প্ৰধানৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল । ইফালে জিলাখনৰ পৰা দালাল চক্ৰক উৎখাত কৰিবলৈও দাবী জনাইছে সচেতন লোকসকলে ।

লগতে পঢ়ক :Oil thief terror : কলগাছিয়াত তেল চোৰৰ গুণ্ডাৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.