ETV Bharat / state

GST evasion in cracker business: বৃহৎ কৰ ফাঁকিৰে নগাঁৱত চলিছে ফটকাৰ বজাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:45 PM IST

Etv Bharat
Etv Bharat

সন্মুখত দীপাৱলী । দীপাৱলীৰ প্রাকমূহুৰ্তত ভিৰ বাঢ়িছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ ফটকা বজাৰত । বজাৰত বিক্ৰী হৈছে কোটি কোটি টকাৰ ফটকা আতচবাজি । কিন্তু বৃহৎ কৰফাঁকিৰে একাংশই বজাৰ বিক্ৰী কৰিছে কোটি কোটি টকাৰ ফটকা । ফটকাৰ পাইকাৰী ব্যৱসায়ৰ বাবে বিখ্যাত নগাঁৱতো জিএছটি ফাঁকিৰে ৰমৰমীয়া বেহা চলাইছে একাংশ ব্যৱসায়ীয়ে । চাওক আমাৰ প্ৰতিবেদন...

বৃহৎ কৰ ফাঁকিৰে নগাঁৱত চলিছে ফটকাৰ বজাৰ

নগাঁও, ৯ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ তিনিটাদিন বাকী । পোহৰৰ এই উৎসৱটিক আদৰিবলৈ ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷ বজাৰসমূহত ভিৰ বাহিছে গ্ৰাহকৰ ৷ তৎপৰ ব্যৱসায়ীসকল ৷ নগাঁৱৰ ফটকা বজাৰতো বৃদ্ধি হৈছে খুচুৰা বিক্রেতা আৰু গ্ৰাহকৰ ভিৰ । ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ ব্যৱসায়ীয়ে ৷ বৃহৎ কৰ ফাঁকিৰে বিক্ৰী কৰিছে কোটি কোটি টকাৰ ফটকা-আতচবাজি । বিশেষকৈ নগাঁৱৰ ফটকাৰ একাংশ পাইকাৰী ব্যৱসায়ীয়ে কৰফাঁকিৰে গঢ়িছে কোটি কোটি টকা ।

নগাঁৱৰ অনুজ্ঞাপত্ৰ থকা ফটকাৰ বিপনীয়ে জিএছটি ফাঁকি দি কাগজৰ ৰচিদত বিক্ৰী কৰিছে সামগ্ৰী । কিন্তু কাণষাৰ নাই কৰ বিভাগৰ ৷ নগাঁৱৰ ফটকাৰ পাইকাৰী ব্যৱসায়ী শংকৰ পালে উকা কাগজতে বিল বনাই ফটকা বিক্ৰী কৰাৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত । জি এছ টি বিলৰ বিপৰীতে উকা কাগজতে বিল বনাই ফটকা বিক্ৰী কৰি থকাৰ দৃশ্য কেমৰাত বন্দী হোৱাৰ পিচতো সাংবাদিককো ফাঁকি দিয়াৰ অপচেষ্টা নগাঁৱৰ হয়বৰগাঁৱৰ পাইকাৰী ব্যৱসায়ীগৰাকীৰ । আনকি উকা কাগজত বিল বনাই ফটকা বিক্ৰী কৰাৰ দৃশ্য বন্দী কৰা সাংবাদিকৰ ওপৰতে যেন খৰ্গহস্ত হৈ পৰে এইগৰাকী ব্যৱসায়ী ।

জি এছ টি বিলৰ বিপৰীতে উকা কাগজত বিল বনাই ফটকা বিক্ৰী কৰাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পাচতো খঙত অগ্নিশৰ্মা হৈ কৰ ফাঁকি দিয়াৰ অভিযোগ নস্যাৎ কৰে ব্যৱসায়ীগৰাকীয়ে । কেৱল এইগৰাকী ব্যৱসায়ীয়েই নহয় নগাঁৱত আন একাংশ ব্যৱসায়ীয়ে এইদৰে কৰ ফাঁকিৰে ফটকা আতচবাজিৰ বৃহৎ বজাৰ চলাই থকাৰ পিচতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁও কৰ বিভাগৰ বিৰুদ্ধে । কৰ বিভাগে নিৰপেক্ষ তালাচী চলালেই ফটকাৰ বজাৰৰ কৰ ফাঁকিৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলিও দাবী কৰিছে একাংশ সচেতন মহলে ।

লগতে পঢ়ক: Pottery industry in Assam : দীপান্বিতাক লৈ বৃদ্ধি মৃৎশিল্পীৰ ব্যস্ততা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.