ETV Bharat / state

Elephant menace: কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

author img

By

Published : Feb 12, 2022, 4:04 PM IST

Elephant terror
কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

নগাঁও জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱ (Elephant menace in Nagaon)। কৃষকৰ ঘৰৰ ভঁড়াল ভাঙি ধান খাই তহিলং । সময়ত উপস্থিত নহ'ল বন বিভাগৰ লোক । বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ ।

কলিয়াবৰ,১২ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে । নগাঁও জিলাৰ কলিয়াবৰকে ধৰি কেইবাটাও অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে (Elephant menace in Nagaon)। খাদ্যৰ অভাৱৰ বাবে বৰ্তমান বন্যহস্তীৰ আগমন বেছি হোৱা দেখা গৈছে । ইয়াৰ মাজতে নিশা কলিয়াবৰৰ চামধৰা গাঁৱত পুনৰ বনৰীয়া হাতী প্ৰৱেশ কৰে ।

কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

গাঁওখনৰ এঘৰৰ ভঁড়াল ভাঙি ধান খাই তহিলং কৰে । অমল চন্দ্ৰ হাজৰিকা নামৰ কৃষকগৰাকীৰ ঘৰৰ ধান খোৱাৰ লগতে বিভিন্ন সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰে বন্যহস্তীয়ে । ইফালে বন বিভাগৰ লোক সময়ত ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে গাঁওবাসী । হাতীৰ ভয়ত প্ৰায় গোটেই নিশা উজাগৰে থাকিবলগীয়া হয় গাঁওবাসী ।

লগতে পঢ়ক :Illegal Encroachment in Rongsai bil: ঐতিহাসিক ৰংচাই (লংচাই) বিলত অবৈধ বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.