ETV Bharat / state

ধিঙত ই-ৰিক্সাসহ অপহৰণ চালক

author img

By

Published : Jan 11, 2021, 2:23 PM IST

dhing kidnapped
ধিঙত অপহৰণ

দেওবাৰে সন্ধিয়া ধিঙত অপহৰণ ই-ৰিক্সাসহ এজন চালক ৷ দুৰ্বৃত্তৰ দলে আচিকুল ইছলাম নামৰ চালকজনক হত্যা কৰি ই-ৰিক্সা লৈ উধাও হোৱা বুলি সন্দেহ প্ৰকাশ পৰিয়ালৰ ৷

ধিং,11 জানুৱাৰী : অপৰাধীৰ ৰম্যভূমিত পৰিণত নগাঁৱৰ ধিঙত এইবাৰ অপহৰণ হৈছে এজন ই-ৰিক্সাৰ চালক ৷ দেওবাৰে সন্ধিয়া প্ৰায় 6 বজাত এজন অচিনাকি লোকে ভাড়ালৈ লৈ গৈছিল ই-ৰিক্সাখন ৷

আধা ঘণ্টা সময়ৰ পাচতেই যাত্ৰীৰূপী এটা দূৰ্বৃত্তই অপহৰণ কৰে ই-ৰিক্সাসহ চালকজনক । চালকজনৰ নাম আচিকুল ইছলাম আৰু তেওঁৰ ঘৰ ধিঙৰ কাজলী পথাৰত বুলি জানিব পৰা গৈছে ।

dhing kidnapped
ধিঙত অপহৰণ

ইফালে নিশা 8 বজাত পৰিয়ালৰ লোকে আচিকুলক যোগাযোগ কৰাত আচিকুলৰ ম’বাইল বন্ধ দেখুৱায় ৷ ইয়াৰ পাচতে পৰিয়ালৰ মাজত হুৱী-দুৱাৰ সৃষ্টি হয় ৷

ঘটনাক লৈ অপহৃত আচিকুলৰ পৰিয়ালে ইতিমধ্যে ধিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু বাতৰি যুগুতোৱা সময়লৈকে কোনো শুংসূত্ৰ পোৱা নাই আচিকুলৰ ।

পৰিয়ালৰ লোকৰ সন্দেহ মতে, দুৰ্বৃত্তৰ দলে আচিকুলক হত্যা কৰি ই-ৰিক্সা লৈ উধাও হৈছে । ইয়াৰ পূৰ্বেও ধিঙত কেইবাখনো ই-ৰিক্সা চুৰিকাণ্ড সংঘটিত হৈছে ।

লগতে পঢ়ক : এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন: দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.