ETV Bharat / state

ব্ৰাউন চুগাৰসহ 6 সৰবৰাহকাৰী আটক

author img

By

Published : Jul 7, 2021, 12:23 PM IST

drugs padler
ব্ৰাইন চুগাৰ সহ 6 সৰবৰাহকাৰীক আটক মৈৰাবাৰী আৰক্ষীৰ

এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ মৈৰাবাৰী আৰক্ষীৰ ৷ লগতে 6 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত চলোৱা হৈছিল অভিযান ৷

ধিং,7 জুলাই : মৈৰাবাৰীৰ আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ইয়াৰ লগতে এখন বিলাসী গাড়ীসহ 6 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ মঙলবাৰ পুৱা মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৈৰাবাৰী থানৰ অন্তৰ্গত পলাহজুৰী গাঁৱৰ আশ্বাদুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷

আৰক্ষীয়ে জানিবলৈ দিয়া ১৪৯.৭৬ গ্ৰাম ব্ৰাউন চুগাৰ লগতে ১০০ টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ ব্ৰাউন চুগাৰখিনিৰ লগতে নগদ ৫ লাখ ৫৪ হেজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰ, মণিপুৰ, অৰুণাচলৰ পৰা মৈৰাবাৰীলৈ চোৰাংভাৱে নিষিদ্ধ ড্ৰাগছৰ বেপাৰ চলাই আহিছিল উক্ত 6 জনীয়া ড্ৰাগছৰ চক্ৰটোৱে ৷

drugs padler
নিতাজাতীয় দ্ৰব্য সৰবৰাহকাৰী

আৰক্ষীয়ে সন্দেহ কৰা মতে, আটকাধীন আশ্বাদুল ইছলামৰ ঘৰৰ পৰাই অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰা হয় ড্ৰাগছ ৷ গোপন সূত্ৰৰ পম খেদি প্ৰায় পাঁচ ঘণ্টা সময় ক্ষেত্ৰভিত্তিক অভিযান চলাই অৱশেষত এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰখিনি জব্দ কৰে আৰক্ষীয়ে ৷ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে লখিমপুৰৰ ছকিনা খাতুন, জমিৰ উদ্দিন আৰু নগাঁও জিলাৰ দুজন ক্ৰমে ছফিকুল ইছলাম আৰু জহিৰুল ইছলাম আৰু ড্ৰাগছ সৰবৰাহকাৰী আশ্বাদুল ইছলামৰ পত্নী ছালমা বেগম ৷

ব্ৰাইন চুগাৰ সহ 6 সৰবৰাহকাৰীক আটক মৈৰাবাৰী আৰক্ষীৰ

নিশা হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাস নেৱাৰৰ নেতৃত্বত নগাঁৱৰ হেৰাপাতি আৰু ৰৌমাৰীৰ পৰা পৃথকে পৃথকে অভিযান চলাই ২৪০০ নিচাজাতীয় টেবলেটৰ লগতে ৩৫ টা কফ চিৰাপৰ বটল জব্দ কৰা হয় ৷ ইয়াৰ লগতে দুগৰাকী মহিলাকো আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন মহিলা দুগৰাকীৰ নাম জামিনা খাতুন আৰু জ্যুস্নাৰা বেগম ।

লগতে পঢ়ক: অৰুণাচলৰ জিৰ’ত আপাটানি সকলৰ ড্ৰী উৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.