ETV Bharat / state

Encounter in Nagaon: পূৰ্বৰ পৰাই দাগী আছিল ৰমিজুল; এইবাৰ লাগিল গুলীৰ দাগ

author img

By

Published : May 1, 2023, 8:31 PM IST

SP Leena Doley press meet in Nagaon
পূৰ্বে দুবাৰকৈ ৰঙাঘৰৰ ভাত খাইছিল ড্ৰাগছ মাফিয়া ৰমিজুলে

নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ মাফিয়া ৰমিজুল ইছলাম (Nagaon police encounter)। ৰূপহীহাটৰ এনকাউণ্টাৰক লৈ ৰূপহীহাটত সংবাদ মাধ্যমক সম্বোধন আৰক্ষী অধীক্ষক লীনা দলেৰ (SP Leena Doley press meet)৷

পূৰ্বে দুবাৰকৈ ৰঙাঘৰৰ ভাত খাইছিল ড্ৰাগছ মাফিয়া ৰমিজুলে

নগাঁও, 1 মে’ : নগাঁৱৰ ৰূপহীহাটত দেওবাৰে নিশা সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা (Encounter case in Nagaon) ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে দুধৰ্ষ ড্ৰাগছ মাফিয়া ৰমিজুল ইছলাম (Police shoot most wanted drug mafia) । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল অভিযুক্ত ৰমিজুল ইছলাম ।

এই ঘটনাৰ পিচতে সোমাবাৰে ৰূপহীহাটৰ এনকাউণ্টাৰক লৈ ৰূপহীহাটত সংবাদ মাধ্যমক সম্বোধন আৰক্ষী অধীক্ষক লীনা দলেয়ে (SP Leena Doley press meet) ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে (Drugs mafia shoot in Nagaon)। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ মাফিয়া ৰমিজুল হক । পূৰ্বে দুবাৰকৈ জে’ল হাজোতৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত আছিল আহত ৰমিজুল (Encounter in Assam) ।

ঘটনা অনুসৰি দেওবাৰে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত ৰয়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল ৰূপহীহাটৰ নাগলধোঁৱাত (Drugs mafia injured at Rupohighat)। নাগলধোঁৱাৰ ৰমিজুল হক নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীৰ বাসগৃহত নিশা অভিযান চলায় আৰক্ষীৰ দলটোৱে (Nagaon police encounter)।

এই অভিযানত ড্ৰাগছ মাফিয়া ৰমিজুল হকৰ ঘৰৰ পৰা ৯৪ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । লগতে ৰমিজুলে ব্যৱহাৰ কৰা মোবাইল হেণ্ডচেট জব্দ কৰে আৰক্ষীৰ দলটোৱে । নিশা ড্ৰাগছৰ ব্যসায়ত জড়িত ৰমিজুল হকক গ্ৰেপ্তাৰ কৰি ঘৰৰ পৰা প্ৰায় এশ মিটাৰ নিলগত ৰখোৱা আৰক্ষীৰ বাহনৰ ওচৰলৈ লৈ যোৱাৰ পথতে এগৰাকী আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে ।

আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা কৰোঁতেই প্ৰথমে শূন্যলৈ দুজাঁই গুলীচালনা কৰে আৰক্ষীৰ দলটোৱে । কিন্তু শূন্যলৈ গুলী চালনা কৰাৰ পিচতো ড্ৰাগছ মাফিয়া ৰমিজুল হক নৰখাত ৰমিজুলৰ ভৰিলৈ লক্ষ্য কৰি গুলী চলায় ।

আৰক্ষীৰ গুলীত লগে লগে আহত হৈ পৰে ৰমিজুল হ'ক । সেই সময়তেই আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰমিজুলক । পিচত আহত ৰমিজুল হকক লগে লগে ৰূপহীহাট মডেল চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । পৰৱৰ্তী সময়ত আহত ৰমিজুলক নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন ৰমিজুল সংকটমুক্ত বুলি জনাইছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে ।

উল্লেখযোগ্য যে, আৰক্ষীৰ গুলীত আহত ৰমিজুল পূৰ্বে দুবাৰকৈ ড্ৰাগছ সৰবৰাহৰ গোচৰতে জেইল হাজোতৰ ভাত খাবলগীয়া হৈছিল । কিন্তু জামিনত মুক্তি লাভ কৰিয়েই পুনৰ ড্ৰাগছৰ বেহাত ৰমিজুল জড়িত হৈ পৰা বুলি আৰক্ষী অধীক্ষক লীনা দলেয়ে সংবাদ মাধ্যমক অৱগত কৰে ।

লগতে পঢ়ক: Nagaon police encounter : ৰূপহীহাটত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ৰমিজুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.