ETV Bharat / state

নগাঁৱত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান বিভিন্নজনৰ

author img

By

Published : May 31, 2021, 2:10 PM IST

Updated : Jun 7, 2021, 6:30 PM IST

CM Relief Found
বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ অনুদান

বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান নগাঁৱৰ বিভিন্ন ব্যক্তিৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ । চিকিৎসা সেৱাৰ লগতে জন জীৱন স্বাভাৱিক কৰি ৰখাৰ বাবে চৰকাৰক বৃহৎ পৰিমাণৰ অৰ্থৰো প্ৰয়োজন হৈছে সেয়ে সামৰ্থ অনুযায়ী সাহায্য আগবঢ়াইছে বিভিন্ন জনে ৷

চামগুৰি,31 মে’ : মহামাৰি ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধৰ লগতে চিকিৎসা সেৱা যথোপযুক্ত কৰি তোলাৰ বাবে অসম চৰকাৰে যুদ্ধকালীনভাৱে ব্যৱস্থাগ্ৰহণ কৰিছে । চিকিৎসা সেৱাৰ লগতে জনজীৱন স্বাভাৱিক কৰি ৰখাৰ স্বাৰ্থত চৰকাৰক বৃহৎ পৰিমাণৰ অৰ্থৰো প্ৰয়োজন হোৱা পৰিলক্ষিত হৈছে ৷ সেয়ে সমগ্ৰ বিষয়টো হৃদয়ংগম কৰি ভালে সংখ্যক ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে এই দুৰ্যোগৰ সময়ত "মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ" আৰ্থিক অনুদান আগবঢ়াইছে ।

CM Relief Found
বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান

দেওবাৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে নগাঁৱৰ ৰামলাল দুৰ্গা দত্ত এণ্ড কো: নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 লাখ 21 হাজাৰ টকা আগবঢ়ায় ৷ লগতে এচ ডি এন্টাৰপ্ৰাইজে আগবঢ়াইছে 50 হাজাৰ টকা । ইয়াৰোপৰিও ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ইন্দ্ৰজিৎ দে’ ৰয়ে 15 হাজাৰ 1 টকা আৰু নাগিব খানে 5 হাজাৰ টকাৰ অনুদান আগবঢ়াইছে । মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়োৱা প্ৰত্যেক গৰাকী ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানক বিধায়ক ৰূপক শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

CM Relief Found
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান

লগতে পঢ়ক:কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে

Last Updated :Jun 7, 2021, 6:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.