ETV Bharat / state

ৰিং বান্ধৰ কামক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ ধিঙবাসীৰ

author img

By

Published : Jan 19, 2021, 12:27 PM IST

ৰিং বান্ধৰ কামক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ ধিঙবাসীৰ
ৰিং বান্ধৰ কামক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ ধিঙবাসীৰ

ধিং-শিলঘাট ৰিং বান্ধ মেৰামতিক লৈ অসন্তুষ্টি প্ৰকাশ স্থানীয় লোকৰ ৷ জল সম্পদৰ কেইজনমান বিষয়াৰে ঠিকাদাৰে গোপন মিতিৰালি কৰি সদা ব্যস্ত পথটোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

নগাঁও,19 জানুৱাৰী: ধিং-শিলঘাট ৰিং বান্ধৰ কামক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ । স্থানীয় ৰাইজৰ অভিযোগ ৰিং বান্ধটো স্থানীয় ৰাইজৰ যাতায়তৰ বাবে সুচল কৰাৰ স্বাৰ্থত শিল-বালিৰ তৰপ দি মেৰামতি কৰাৰ কাম হাতত লৈছিল জলসম্পদ বিভাগে। কিন্তু জল সম্পদ বিভাগৰ কেইজনমান বিষয়াৰে ঠিকাদাৰৰ গোপন মিতিৰালিত পাহাৰীয়া মাটিৰে পথ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ৰিং বান্ধৰ কামক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ ধিঙবাসীৰ

আঁচনি অনুসৰি সদা ব্যস্ত পথটোত শিল-বালিৰ তৰপ দি মেৰামতি কৰাৰ কথা উল্লেখ আছে যদিও ঠিকাদাৰে স্বইচ্ছাই পথটোত পাহাৰীয়া মাটি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ জল সম্পদ বিভাগৰ বিষয়াৰে মিতিৰালি কৰি কামটোত গুৰুত্ব নিদিয়াত ঠিকাদাৰ গোষ্ঠীৰ অনিয়মত অতিষ্ঠ হৈ পৰি কাম বন্ধ কৰাৰো হুংকাৰ দি দোষীৰ শাস্তিৰ দাবী জনায় ৷

ৰিং বান্ধৰ কামক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ ধিঙবাসীৰ
ৰিং বান্ধৰ কামক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ ধিঙবাসীৰ

লগতে পঢ়ক: ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.