ETV Bharat / state

নগাঁৱত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 28, 2020, 7:34 PM IST

নগাঁৱত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

বুধবাৰে দিনৰ ভাগত নগাঁও চহৰৰ মাজমজিয়াত উদ্ধাৰ হয় এগৰাকী সন্ধানহীন যুৱকৰ মৃতদেহ ৷ প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল নগাঁও চহৰৰ বাঙালীপট্টিৰ অজয় দাস নামৰ যুৱকজন ।

নগাঁও, 28 অক্টোবৰ: বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত উদ্ধাৰ হয় এজন সন্ধানহীন যুৱকৰ মৃতদেহ । মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল নগাঁও চহৰৰ বাঙালীপট্টিৰ অজয় দাস নামৰ যুৱকজন । বুধবাৰে দিনৰ ভাগতে নগাঁও চহৰৰ মাজমজিয়াত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি একাংশ লোকে আৰক্ষীক অবগত কৰে ৷

পৰৱৰ্তী সময়ত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কি অৱস্থাত যুৱকজনৰ মৃত্যু হৈছে সেয়া এই পৰ্যন্ত জানিব পৰা যোৱা নাই । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: কলগাছিয়াত আই পি এলৰ জুৱাৰী আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.