ETV Bharat / state

কলগাছিয়াত আই পি এলৰ জুৱাৰী আৰক্ষীৰ জালত

author img

By

Published : Oct 28, 2020, 5:24 PM IST

কলগাছিয়াত দিনক দিনে বৃদ্ধি পাইছে জুৱাৰ প্ৰচলন ৷ এই বাৰ আই পি এলৰ নামত চলিছে জুৱাৰ আড্ডা। কলগাছিয়া আৰক্ষীয়ে মঙলবাৰে নিশা আই পি এল জুৱাৰ লগত জড়িত থকা এজন লোকক গ্ৰেপ্তাৰ কৰে ।

IPL Gambling Arrest at kalgaisa
কলগাছিয়াত আই পি এলৰ জুৱাৰী আৰক্ষীৰ জালত

জনীয়া,28অক্টোবৰঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মনাকাছা গাঁৱত আই পি এলৰ নামত জুৱাৰ সৈতে জড়িত থকা চুলতান মামুদক আটক কৰি কলগাছিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

আটকাধীন যুৱক জনে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দেল্লী কেপিটেলৰ মাজত অনুষ্ঠিত হোৱা মেচ খনত অনলাইন জুৱাৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, জুৱা চলি থকাৰ সময়তে গোপন সূত্ৰৰ পম খেদি খবৰ লাভ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুলতানক। উক্ত স্থানৰ পৰা আৰক্ষীয়ে তালাচী চলাই এটা ম’বাইল, নগদ ২৯,৩৬০ টকা আৰু AS-15P-6982 নম্বৰৰ এখন টি ভি এছ আপাচি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃ ছয়গাঁও আৰক্ষীৰ জালত চুৰি বাইকসহ এটা চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.