ETV Bharat / state

Arunodoi scheme scam: অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে

author img

By

Published : Feb 28, 2023, 10:58 PM IST

Arunodoi scheme scam
অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি বিধায়ক নুৰুল হুদাৰ

কংগ্ৰেছী বিধায়কৰ নেতৃত্বত অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ (Assam arunodoi scheme) । বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ । বিধায়ক হুদাৰ বিৰুদ্ধে মহিলাৰ মুখত মূর্দাবাদ ধ্বনি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী ।

অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি বিধায়ক নুৰুল হুদাৰ

নগাঁও, 28 ফেব্ৰুৱাৰী: অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত গাঁৱে-ভূঞে প্ৰকৃততে চলিছে কি ? দৰিদ্ৰ পৰিয়ালক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰিছিল অৰুণোদয় নামৰ এক অভিলাষী আঁচনি (Assam arunodoi scheme) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অধীনত বিভিন্ন শ্ৰেণীৰ আৰু অধিক হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে অৰুণোদয় 2.0 ৰ অধীনত পুনৰ আৰম্ভ কৰিছে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া । যাৰ সুবিধা গ্ৰহণ কৰিয়েই একাংশই আৰম্ভ কৰিছে ৰাজনৈতিক মুনাফা আদায়ৰ কুটিল কৌশল (arunodoi scam in Nagaon) ।

নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়া উন্নয়ন খণ্ডৰ অধীনৰ গদাইমাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি । ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ গদাইমাৰীৰ পুৰুষ মহিলাই । নুৰুল হুদাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ (Protest against MLA Nurul Huda) । বিৰোধী দলৰ বিধায়ক হোৱাৰ দোহাইৰে ৰাইজক সান্তনা দিয়াৰ উপৰিও সুবিধা বুজি ৰাইজৰ সমৰ্থন আদায়ৰ সুযোগ সন্ধানত থকা এইজন চতুৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে একাংশ ৰাইজ । কাৰণ অৰুণোদয় আঁচনি ৷

বিধায়ক নুৰুল হুদাৰ নেতৃত্বতেই জুৰীয়াত অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি নুৰুল হুদাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে এইসকল পুৰুষ মহিলা । বৃদ্ধ-বৃদ্ধালৈকে ওলাই আহিছে বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে (Arunodoi scheme leading to scam)।

চৰকাৰী নিয়ম অনুসৰিয়েই ৱাৰ্ড সদস্য, গাঁও পঞ্চায়তে প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি প্ৰস্তুত কৰা তালিকা বিধায়ক নুৰুল হুদাৰ নিৰ্দেশতে বাতিল হোৱাৰ অভিযোগ একাংশৰ । আনকি বিভাগীয় নিয়ম অনুসৰি প্ৰস্তুত কৰা তালিকা বাতিল কৰি মণ্ডল কংগ্ৰেছৰ নেতৃত্বই দিয়া তালিকা মতে অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ । যাৰ বাবে প্ৰকৃত হিতাধিকাৰী বাঞ্চিত হোৱাৰো উত্থাপন হৈছে গুৰুতৰ অভিযোগ (Arunodoi Scam in Assam) ।

কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ নেতৃত্বত অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱা বিষয়টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী ৰাইজৰ ৷

উল্লেখযোগ্য যে, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ এসময়ৰ সহযোগী হোৱাৰ সুবাদতে দলীয় প্ৰাৰ্থীত্ব লাভ কৰি ৰূপহীহাট সমষ্টিৰ বিধায়ক হৈছিল নুৰুল হুদা । এইজন নুৰুল হুদাৰ বিৰুদ্ধে উত্থাপন হোৱা চৰকাৰী আঁচনিত অনিয়ম সংঘটিত কৰাৰ অভিযোগৰ তদন্তৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

লগতে পঢ়ক: Protest Against Panchayat Scam : জনীয়াত কলভাৰ্ট নিৰ্মাণৰ ধন আত্মসাতৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.