ETV Bharat / state

Protest Against Panchayat Scam : জনীয়াত কলভাৰ্ট নিৰ্মাণৰ ধন আত্মসাতৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Feb 27, 2023, 1:57 PM IST

Updated : Feb 27, 2023, 5:06 PM IST

জনীয়াৰ টাপাজুলী গাঁৱত কলভাৰ্ট নিৰ্মাণৰ নামত আবণ্টিত ধন আত্মসাতৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ (Jania Panchayat fund laundering scam) । পঞ্চায়ত সভাপতি নুৰ হুছেইনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । কলভাৰ্ট নিৰ্মাণৰ নামত আবণ্টিন ধনৰ সৰহ সংখ্যক আত্মসাৎ কৰাৰ অভিযোগ ।

jania
jania

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

জনীয়া, ২৭ ফেব্ৰুৱাৰী : গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজত চৰকাৰে যিমানে স্বচ্ছতা আনিবলৈ চেষ্টা কৰিছে সিমানেই যেন বিভিন্ন আঁচনিত কেলেংকাৰীৰ সৃষ্টি হ'বলৈ ধৰিছে (scam in village development scheme in Assam) । এইবাৰ তেনে এক কেলেংকাৰীৰ ঘটনাৰ অভিযোগ উঠিছে বৰপেটা জিলাৰ জনীয়াত (scam in Jania panchayat) । জনীয়াৰ টাপাজুলী গাঁৱত কলভাৰ্ট নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ উঠিছে । কালভাৰ্ট নিৰ্মাণৰ বাবে আবণ্টিত ধন আত্মসাতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে (scam in culvert construction in jania Barpeta) ।

উল্লেখ্য, এই ধন আত্মসাতৰ অভিযোগ উঠিছে খোদ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে । পঞ্চায়ত সভাপতি নুৰ হুছেইনৰ বিৰুদ্ধে ৰাইজে এই অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (protest against panchayat scam at jania Barpeta) । উল্লেখ্য, কলভাৰ্ট নিৰ্মাণৰ নামত আবণ্টিন ধন সম্পূৰ্ণ খৰচ নকৰি ইয়াৰে সৰহ সংখ্যক ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত সভাপতিগৰাকীৰ বিৰুদ্ধে । লগতে কাদং গাঁও পঞ্চায়তত উন্নয়নৰ নামত প্ৰকৃততে কি চলি আছে তাকে লৈও ৰাইজৰ মাজত তীব্ৰ চৰ্চা অব্যাহত আছে । আনহাতে, একাংশৰ অভিযোগ, দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত হৈছে কাদং গাঁও পঞ্চায়ত । ইফালে পঞ্চায়তটোৰ বিভিন্ন অনিয়ম তথা দুৰ্নীতিৰ বিষয়ে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত আছে চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষ ।

উল্লেখ্য যে বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ ৭৯ নং কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত টাপাজুলী গাঁৱৰ টাপাজুলী পি এম জি এছ ৱাই পকীৰাস্তাৰ পৰা দানেছ আলীৰ ঘৰ হৈ টাপাজুলী প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথত কালভাৰ্ট নিৰ্মাণৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা আবণ্টন দিয়া হৈছিল ২ লাখ টকা । কিন্তু উক্ত টকাৰে কলভাৰ্ট নিৰ্মাণ নকৰি পঞ্চায়ত সভাপতি নুৰ হুছেইন, নিৰ্মাণ সমিতিৰ সভাপতি আৰু তদানীন্তন গাঁও পঞ্চায়ত সচিবে মিলি প্ৰায় ডেৰ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, আগন্তুক বাৰিষাৰ পূৰ্বেই কলভাৰ্ট নিৰ্মাণৰ দাবী জনোৱাৰ লগতে উক্ত কামৰ উচিত তদন্ত সাপেক্ষে দুৰ্নীতিৰ লগত জড়িত সকলোকে উচিত শাস্তিৰ দাবী জনায় সচেতন ৰাইজে । আনহাতে, দুৰ্নীতি আৰু অনিয়মৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ কথা কৈ টেঁটু ফালি থকা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে এইসকল দুৰ্নীতিপৰায়ণ ব্যক্তিৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Drugs paddler arrested: আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া মুন্না ভাই

Last Updated : Feb 27, 2023, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.