ETV Bharat / state

Student Leader Shot by Police in Nagaon: কীৰ্তিকমলৰ পৰিয়ালক সাক্ষাৎ কৰিলে ৰকিবুল হুছেইনে

author img

By

Published : Jan 25, 2022, 5:46 PM IST

visit
আৰক্ষীৰ গুলীত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বাসগৃহত ৰকিবুল হুছেইন আৰু মণিমাধৱ মহন্ত

পুলিচৰ গুলীত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ (Student Leader Shot by Police in Nagaon) নগাঁৱৰ বাসগৃহত উপস্থিত হয় অগপ নেতা মণিমাধৱ মহন্তৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । দুয়োগৰাকী নেতাই চৰকাৰক সমালোচনা কৰি আৰক্ষীৰ এই গুলীচালনাৰ উচিত তদন্তৰ দাবী জনায় ৷

নগাঁও, 25 জানুৱাৰী: নগাঁও আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বাসগৃহত সোমবাৰে নিশা উপস্থিত হয় অগপ দলৰ এটা প্ৰতিনিধি দলৰ লগতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন (Rakibul Hussain met family of Kirti Kamal who was injured in police encounter )। অগপ নেতা মণিমাধৱ মহন্তসহ অগপ দলৰ নগাঁও জিলা প্ৰতিনিধি দলটোৰ লগতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত হৈ সাক্ষাৎ কৰে কীৰ্তিকমল বৰাৰ পৰিয়ালক ।

অগপ নেতা মণিমাধৱ মহন্তই এই দুৰ্দশাৰ সময়ত দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হৈ চৰকাৰৰ এনকাউণ্টাৰ সংস্কৃতিৰ বিৰোধিতা কৰে (Former student leader injured in police encounter) । প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও অৰাজকতাৰ অৱসান ঘটাই শাসন চলাবলৈ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনালে ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ অংশীদাৰ দল অগপৰ নেতা মণিমাধৱ মহন্তই কীৰ্তিকমল বৰাৰ ওপৰত চলা অত্যাচাৰৰ ঘটনাক গৰিহণা দিয়ে।

আৰক্ষীৰ গুলীত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা

কীৰ্তিকমল বৰাৰ পৰিয়ালৰ পক্ষত থিয় হোৱা অগপ নেতা মনিমাধৱ মহন্তই আৰক্ষীৰ এনকাউণ্টাৰ সংস্কৃতিয়ে ৰাইজৰ বিশ্বাস আৰু সৰ্বসাধাৰণৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে বুলি মন্তব্য কৰে ৷ ইপিনে সোমবাৰে নিশাই আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

অৰাজকতাৰ অৱসান ঘটাই শাসন চলাবলৈ একালৰ বন্ধু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে এন ডি পি এছ এক্টৰ অধীনত গোচৰ ৰুজু হোৱা ঘটনাক কেন্দ্ৰ কৰিও সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: BJP spokesperson criticised Akhil Gogoi:অখিল গগৈক সমালোচনা অসম প্ৰদেশ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.