ETV Bharat / state

BJP spokesperson criticised Akhil Gogoi:অখিল গগৈক সমালোচনা অসম প্ৰদেশ বিজেপিৰ

author img

By

Published : Jan 25, 2022, 1:49 PM IST

শেহতীয়াকৈ নগাঁৱৰ ঘটনাকলৈ বিধায়ক অখিল গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল । এইবাৰ অসম প্ৰদেশ বিজেপিয়ে উভতি ধৰিলে অখিল গগৈক (BJP spokesperson criticised Akhil Gogoi)। বিধায়কগৰাকীয়ে ড্ৰাগছ মাফিয়াক সুৰক্ষা দিয়াৰ অভিযোগ বিজেপি মুখপাত্ৰৰ ।

BJP reaction
অখিল গগৈক সমালোচনা অসম প্ৰদেশ বিজেপিৰ

গুৱাহাটী,২৫ জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাযাৰ্লয়ত সোমবাৰে দলৰ মুখপাত্ৰদ্বয় সুভাষ দত্ত আৰু ৰঞ্জীৱ কুমাৰ শমাৰ্ই এক সংবাদ মেল সম্বোধন কৰে । দুয়োগৰাকী মুখপাত্ৰই নগাঁৱত সংঘটিত হোৱা ঘটনাটোৰ উচ্চ পযাৰ্য়ৰ তদন্ত ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় । তেওঁলোকে কয় যে এই ঘটনাৰ আলম লৈ একাংশ ৰাজনৈতিক ব্যক্তি বিশেষকৈ বিধায়ক অখিল গগৈয়ে কেতবোৰ মনেসজা ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত বক্তব্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শমাৰ্ক লক্ষ্য কৰি সমালোচনা কৰি আছে (BJP spokesperson criticised Akhil Gogoi)।

তেওঁলোকৰ অভিযোগ মুখ্যমন্ত্ৰীক সমালোচনাৰ নামত বিধায়ক অখিল গগৈয়ে বিশেষকৈ ড্ৰাগছ মাফিয়া, চোৰাং সৰবৰাহকাৰী, গাঞ্জা আৰু আফিং খেতি কৰা মাফিয়াক সুৰক্ষা দিয়াৰ অপচেষ্টাত লিপ্ত হৈছে (BJP spokesperson says Akhil is protecting drug mafia) ৷ কাৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ বলিষ্ঠ নেতৃত্বত ২০২১ চনৰ ১০ মে’ পৰা ২০২২ চনৰ ১৬ জানুৱাৰীলৈকে এন ডি পি এছ (NDPS) আইনৰ অধীনত ত সৰ্বমুঠ ১৯৮৫টা গোচৰ পঞ্জীভূত হোৱাৰ লগতে ৩৩৮৫ জন ব্যক্তি গ্ৰেপ্তাৰ হৈছে ৷

মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীয়ে বৰ্তমানলৈকে ৬১.০৯১ কিলোগ্ৰাম হেৰ'ইন, ১৪২০৫.৯৬ কিলোগ্ৰাম গাঞ্জা, ৪৩.০৫ কিলোগ্ৰাম আফিং, ১,৩৭,৩২৪ বটল নিচাযুক্ত কফ চিৰাপ, ২৮,৭৫,৯৩১টা নিচাযুক্ত টেবলেট, ৩.৫৬০১ কিলোগ্ৰাম মৰফিন, ৩৩১৪ কিলোগ্ৰাম পপি ষ্ট'(Poppy Straw), কোকেইন ২,২৯২৬ কিলোগ্ৰাম, ২১৩.৯৩ কিলোগ্ৰাম ভাঙৰ লগতে ৩.৩৭৫ কিলোগ্ৰাম অন্যান্য নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ উপৰিও নগদ ভাৰতীয় মুদ্ৰা ২২,৬৩৫,৬১৮ টকা, ২৭, ৯৬৫ বিদেশী মুদ্ৰা আৰু ৩৬,৮০০ নকল ভাৰতীয় নোট জব্দ কৰিছে ৷

অসম আৰক্ষীয়ে দায়িত্ব সহকাৰে নিৰৱচ্ছিন্নভাৱে প্ৰচেষ্টা অব্যাহত ৰাখি প্ৰায় ৩২ বিঘা ভাঙৰ খেতি আৰু ১৫ বিঘা আফিং খেতি ধবংস কৰিছে ৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ১৮৪ খন বাহন জব্দ কৰাৰ লগতে ৩৩৮৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ অসম আৰক্ষীয়ে এই সময়খিনিত জব্দ কৰা সামগ্ৰীৰ বজাৰ মূল্য ৩৬৩.৮৫ কোটি টকা ৷

সংবাদমেলখনত মুখপাত্ৰদ্বয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে ৷ বিশেষকৈ দীৰ্ঘদিন ধৰি বিদ্ৰোহী কাৰ্যকলাপে অসমত বিশেষকৈ ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত বন্ধ দি অহা আলফা (স্বাধীন) এইবাৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনায় ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৬ জানুৱাৰী দিনা কোনোধৰণৰ বন্ধ ঘোষণা নকৰাটো এক ইতিবাচক দিশ ৷

যি ভৱিষ্যতে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত সহায়ক হ’ব ৷ এনে অৱস্থাত অখিল গগৈয়ে বিধায়ক দৰে এক সন্মানীয় পদত থাকি উদ্দেশ্য প্ৰণোদিত সমালোচনাৰ যোগেদি আৰক্ষীৰ মনোবল ভংগ কৰাৰ যি অপচেষ্টাত লিপ্ত হৈছে, সেয়া সমাজৰ কাৰণে যথেষ্ট ক্ষতিকাৰক বুলিও তেওঁলোকে মন্তব্য কৰে ।

লগতে পঢ়ক :Assam Police constable Recruitment : পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.