ETV Bharat / state

Lok Sabha election 2024: ২০২৪ত নগাঁও দখলৰ লক্ষ্যৰে বিজেপিৰ কুচকাৱাজ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:13 PM IST

Lok Sabha election 2024
নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ বিজেপি । দলীয় কৰ্মী, ৰাইজৰ সৈতে মত বিনিময় কৰিবলৈ নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু । কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ দখলত থকা নগাঁও লোকসভা সমষ্টিটো দখলৰ বাবে টঙালি বান্ধিছে বিজেপিয়ে ।

নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

নগাঁও, ১১ ছেপ্টেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো তৎপৰতা আৰম্ভ কৰিছে শাসকীয় বিজেপিৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহেও । সমষ্টি পুনৰনিৰ্দ্ধাৰণৰ পিচতে নতুনকৈ গঠন হোৱা সমষ্টিসমূহতো ব্যাপক তৎপৰতা চলাইছে ৰাজনৈতিক দলসমূহে । বিশেষকৈ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ দখলত থকা নগাঁও লোকসভা সমষ্টি নিজৰ দখললৈ অনাৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে ।

নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ দখললৈ অনাৰ উদ্দেশ্যেই ইতিমধ্যে সমষ্টিটোৰ দলীয় কৰ্মী, ৰাইজ, কৃষক আদি বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰিবলৈ নগাঁৱত সোমবাৰে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু । নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত দলীয় কৰ্মী, ৰাইজ, বুদ্ধিজীৱীৰ সৈতে মত বিনিময় কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে । আনকি শ্ৰমিক শ্রেণীৰ লোকৰ সৈতেও মত বিনিময় কৰিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।

ইপিনে এক দেশ এক নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । সংসদত আইন প্ৰণয়ন এটা পদ্ধতিৰ মাজেৰেহে হয় বুলি উল্লেখ কৰি এই ক্ষেত্ৰত কোনো মন্তব্য কৰাটো উচিত নহয় বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে । উল্লেখযোগ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নগাঁও লোকসভা সমষ্টি বিজেপিয়ে বেলেগক গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি শাসকীয় দলটোত বিসম্বাদ আৰম্ভ কৰিছিল নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে । তাৰ পিচতেই হঠাৎ নগাঁও লোকসভা সমষ্টি দখলৰ উদ্দেশ্যে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল ।

লগতে পঢ়ক: Rajen Gohain: মই এতিয়া মুক্ত; দিল্লীৰ পৰা আহি ক’লে ৰাজেন গোহাঁইয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.