ETV Bharat / state

ইটিভিত সম্প্ৰচাৰিত বাতৰিৰ পিছতেই গা লৰিল জল সম্পদ বিভাগৰ

author img

By

Published : Feb 24, 2020, 8:58 PM IST

Borghuli Erosion Controle Guide Bandh Etv Bharat news impact
ইটিভিত সম্প্ৰচাৰিত বাতৰিৰ পিছতেই গা লৰিল জল সম্পদ বিভাগৰ

কলিয়াবৰৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ'বেগৰ গাইড বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ জল সম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে বন্ধ নিৰ্মানত নিম্নমানৰ জিঅ'বেগ ব্যৱহাৰ কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছিল বৰঘূলীৰ নৈপৰীয়া ৰাইজ ৷

কলিয়াবৰ,24 ফেব্ৰুৱাৰীঃ বিগত বৰ্ষৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল কলিয়াবৰৰ বৰঘূলী কৃষি বান্ধ ৷ যাৰ ফলত হাজাৰ বিঘা কৃষিভূমি, ভেটি-মাটি, ঘৰ-দুৱাৰ, বিদ্যালয় ব্ৰহ্মপুত্ৰ বুকুত জাহ যায় ৷ বিগত বৰ্ষৰ খহনীয়াৰ পিছতেই খহনীয়া ৰোধৰ বাবে হাতত লোৱা হৈছিল গাইড বান্ধ নিৰ্মাণৰ কাম ৷ কিন্তু কলিয়াবৰৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ'বেগৰ গাইড বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷

ইটিভিত সম্প্ৰচাৰিত বাতৰিৰ পিছতেই গা লৰিল জল সম্পদ বিভাগৰ

জল সম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে বন্ধ নিৰ্মানত নিম্নমানৰ জিঅ'বেগ ব্যৱহাৰ কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছিল বৰঘূলীৰ নৈপৰীয়া ৰাইজ ৷ উল্লেখ্য যে, বন্ধটো নিৰ্মানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা জিঅ'বেগসমূহৰ ৮০ শতাংশই নিম্নমানৰ বুলি দাবী কৰিছিল স্থানীয় ৰাইজে ৷

বৰঘূলী কৃষি বান্ধত সংঘটিত দুৰ্নীতি

আনহাতে, এই গাইড বান্ধটো নিৰ্মানত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ বাতৰি ইটিভি ভাৰতত বিগত ৩১ ডিচেম্বৰত সম্প্ৰচাৰ হোৱাৰ পিচতে গা-লৰিল জল সম্পদ বিভাগৰ ৷ বৰ্তমান ব্যৱহাৰ হোৱা জিঅ'বেগসমূহ পূৰ্বৰ তুলনাত উন্নত বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ ৰাইজৰ প্ৰতিবাদ পিছতেই জল সম্পদ বিভাগৰ সামগ্ৰী যোগান ধৰোতা ‘চানটেক’ৰ নিম্ন মানৰ জিঅ’বেগ যোগান বাতিল কৰাৰ পিচত ‘ফ্লেক্সীটাফে’ যোগান ধৰা জিঅ'বেগ পূৰ্বৰ তুলনা উন্নত বুলি জনাই স্থানীয় বাসিন্দাই ৷

লগতে পঢ়ক-চিৰাঙত বিজেপিৰ মানাস সেৰফাং মণ্ডল কমিটীৰ কৰ্মী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.