ETV Bharat / state

মাত্ৰ 15 লাখ মিজোৱে অসমৰ ওপৰত দাদাগিৰি চলাইছে : বেংগলী ফেডাৰেচন

author img

By

Published : Aug 2, 2021, 9:05 AM IST

Updated : Aug 2, 2021, 9:17 AM IST

মিজো দুৰ্বৃত্ত(Mizo miscreants)ই অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে গুলি চালনা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত এতিয়াও ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে ৷ কেইবাটাও দল-সংগঠনে অসম মিজোৰামৰ সংঘৰ্ষৰ উত্তৰ হিচাপে অসম চৰকাৰলৈ অৰ্থনৈতিক অৱৰোধৰ আহ্বান জনাইছে ৷

Benagali federation ask revenge against mizoram f
প্ৰতিশোধ বিচাৰি মুখ্যমন্ত্ৰীক কি আহ্বান জনালে বেংগলী ফেডাৰেচনে ?

চামগুৰি, 2 আগষ্ট : শেহতীয়া অসম-মিজোৰাম সীমা বিবাদক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজো দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলি চালনাৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যখনতে । সমগ্ৰ ৰাজ্যত ভিন্ন দল-সংগঠনে অসম মিজোৰামৰ সংঘৰ্ষৰ উত্তৰ হিচাপে অসম চৰকাৰলৈ অৰ্থনৈতিক অৱৰোধৰ আহ্বান জনাইছে ৷ ইয়াকে লৈ এতিয়া সৰৱ হৈ পৰিছে বেংগলী ফেডাৰেচনো ৷

সংগঠনটোৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত গৰুমৰা আঞ্চলিকৰ ফালৰপৰাও মিজোৰামক কঠোৰভাৱে নিন্দা কৰা হৈছে ৷ ইয়াৰ লগতে মিজোৰাম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে বেংগলী ফেডাৰেচনে । মাত্ৰ 15 লাখ জনসংখ্যাৰ মিজোৰামে অসমৰ ওপৰত দাদাগিৰি চলাইছে বুলিও মন্তব্য কৰে তেওঁলোকে ৷ সংগঠনটোৱে এতিয়া, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Bishwa Sarma)ক মিজোৰামক সঠিক প্ৰত্যুত্তৰ দি অৰ্থনৈতিক অৱৰোধ(economic blockade on Mizoram) কৰাৰ আহ্বান জনাইছে ।

মাত্ৰ 15 লাখ মিজোৱে অসমৰ ওপৰত দাদাগিৰি চলাইছে :বেংগলী ফেডাৰেচন

ইফালে, মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানা(Mizoram Health Minister R Lalthangliana)ই দেওবাৰে দাবী কৰে যে সীমা-বিবাদ(border conflict)ৰ বাবে বৰাক উপত্যকা(Barak valley)ত অৰ্থনৈতিক অৱৰোধ জাৰি আছে ৷

ইয়াৰ ফলত ক’ভিড-১৯ পৰীক্ষা কিট(Covid test kid)কে ধৰি চিকিৎসা সামগ্ৰী অসমৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে । ক’ভিড-১৯ সম্পৰ্কীয় সামগ্ৰী যেনে পৰীক্ষাৰ কিট আৰু ঔষধ কঢ়িয়াই অনা বাহনসমূহ অসমৰ কাছাৰ জিলাত ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ আছে বুলি অভিযোগ কৰে লালথানগ্লিয়ানাই । তেওঁ লগতে কয় যে, অসমত পূৰ্ণ পৃষ্ঠপোষকতাত এক অৰ্থনৈতিক অৱৰোধ(economic blockade) কৰা হৈছে । অৱশ্যে অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে, বৰ্তমান ৰাজ্যৰ কোনো সংগঠনে কোনোধৰণে অৱৰোধ কৰা নাই ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন দুই বীৰাংগনাৰ

Last Updated :Aug 2, 2021, 9:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.