ETV Bharat / state

ডি জে বজাই উদ্যাম নৃত্যৰে গান্ধী জয়ন্তী উদযাপন নগাঁও ৰটাৰী ক্লাৱৰ

author img

By

Published : Oct 2, 2021, 10:37 PM IST

নগাঁৱত ৰটাৰী ক্লাৱত অদ্ভূত কাণ্ড । জাতিৰ পিতাক চৰম অপমান । গান্ধী জয়ন্তী উদযাপনৰ নামত উশৃংখলতা। ডি জে বজাই উদ্যম নৃত্যৰ আয়োজন কৰি উদযাপন মহাত্মা গান্ধীৰ জন্মদিন । ডি জেৰ তালে তালে নৃত্য ৰটাৰি ক্লাৱৰ সভাপতি জোন ৰাজখোৱাৰ । এই ঘটনাৰ পিছতেই ৰটাৰি ক্লাবৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন ।

ডি জে বজাই উদ্যাম নৃত্যৰে গান্ধী জয়ন্তী উদযাপন ৰটাৰী ক্লাৱৰ
ডি জে বজাই উদ্যাম নৃত্যৰে গান্ধী জয়ন্তী উদযাপন ৰটাৰী ক্লাৱৰ

নগাঁও, 2 অক্টোবৰ: মহামানৱ মহাত্মা গান্ধী । জাতিৰ পিতা মহাত্মা গান্ধী । ২ অক্টোবৰ অৰ্থাৎ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটো দেশজুৰি উদযাপন কৰা হয় গান্ধী জয়ন্তী হিচাপে । গছপুলি ৰোপন, স্বচ্ছ ভাৰত অভিযান, শান্তি সমদল আদি বিভিন্ন ইতিবাচক কাৰ্য্যসূচীৰে উদযাপন কৰা হয় গান্ধী জয়ন্তী।

কিন্তু নগাঁৱত দেখা গ'ল সম্পূৰ্ণ এক ওলোটা ছবিহে। মহাত্মা গান্ধীক চুড়ান্তভাৱে অপমান কৰি নগাঁৱত গান্ধী জয়ন্তী উদযাপন কৰিলে ৰটাৰি ক্লাৱে। নগাঁও চহৰৰ খুটিকটীয়াত ৰটাৰি ক্লাৱে আয়োজন কৰা গান্ধী জয়ন্তীৰ উদযাপনৰ নামত চলিল উশৃংখলতা। নিজকে সমাজৰ দায়িত্বশীল ব্যক্তি বুলি চিনাকি দিয়া ৰটাৰি ক্লাবৰ সভাপতি গৰাকীৰ নেতৃত্বত আয়োজিত গান্ধী জয়ন্তীৰ কাৰ্যসূচীত উচ্চস্বৰে বাজিল ডি জে আৰু ডি জে ৰ তালে তালে উদ্যম নৃত্য একাংশৰ ।

ডি জে বজাই উদ্যাম নৃত্যৰে গান্ধী জয়ন্তী উদযাপন নগাঁও ৰটাৰী ক্লাৱৰ

লগতে পঢ়ক: শোণিতপুৰ ঠেলামৰাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক গ্ৰেপ্তাৰ

ডি জেৰ তালে তালে উদ্যম নৃত্য কৰা একাংশৰ সৈতে নিজেই উদ্যম নৃত্যত অংশগ্ৰহণ কৰি গান্ধী জয়ন্তী উদযাপন কৰিলে ৰটাৰি ক্লাবৰ সভাপতি জোন ৰাজখোৱাৰ নেতৃত্বত সদস্য সকলে । জাতিৰ পিতাক চুড়ান্তভাৱে অপমান কৰি গান্ধী জয়ন্তী উদযাপন কৰা ৰটাৰি ক্লাবৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সচেতন মহলৰ লগতে দল সংগঠন । পৰিকল্পিতভাবেই ৰটাৰি ক্লাবে গান্ধীজীক অপমান কৰা বুলি সন্দেহ প্ৰকাশ কৰি এনে গৰ্হিত কাৰ্য্য সংঘটিত কৰা ৰটাৰি ক্লাবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিভিন্নজনে ।

ডি জে বজাই উদ্যাম নৃত্যৰে গান্ধী জয়ন্তী উদযাপন ৰটাৰী ক্লাৱৰ
ডি জে বজাই উদ্যাম নৃত্যৰে গান্ধী জয়ন্তী উদযাপন ৰটাৰী ক্লাৱৰ

ডি জে বজাই গান্ধী জয়ন্তী উদযাপন কৰা ৰটাৰি ক্লাৱক ক্ষমা খোজাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই। লগতে গান্ধী জয়ন্তী উদযাপনৰ নামত জাতিৰ পিতাক অপমান কৰা ৰটাৰি ক্লাবৰ সভাপতি জোন ৰাজখোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সম্পাদক গৰাকীয়ে । কিন্তু নিজকে আগৰাকী হাত দীঘল ব্যক্তি বুলি জাহিৰ কৰা ৰটাৰি ক্লাবৰ সভাপতি জোন ৰাজখোৱাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হ'ল গান্ধী জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.