ETV Bharat / state

বঢ়মপুৰত অংগনবাদী কৰ্মীক সকীয়নি বিধায়ক জিতু গোস্বামীৰ

author img

By

Published : Apr 6, 2022, 9:22 AM IST

Anganwadi workers who are negligent in their duties will also be fired
কৰ্তব্যত গাফিলতি কৰা অংগনবাদী কৰ্মীক চাকৰিৰ পৰা বৰ্ষাস্তও কৰা হ’ব : জিতু গোস্বামী

নিজ কৰ্ম সফলভাৱে ৰূপায়ন নকৰিলে নিলম্বিত হ’ব অংগনবাদী কৰ্মী ৷ কিন্তু যদিহে অংগনবাদী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাই মাতৃবন্দনাৰ আঁচনি সফলভাৱে ৰূপায়ন কৰে, তেওঁলোকক বিধায়কৰ ফালৰ পৰা শকত ধনৰ টোপোলাৰে পুৰস্কৃতও কৰা হ'ব ৷ নিজ সমষ্টিতে এই মন্তব্য কৰে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে (Jitu Goswami warns Anganwadi workers) ৷

চামগুৰি, 6 এপ্ৰিল : ‘‘কৰ্তব্যত গাফিলতি কৰা অংগনবাদী কৰ্মীক চাকৰিৰ পৰা নিলম্বিত কৰা হ’ব ৷ কেৱল নিলম্বনে নহয় ভালদৰে কৰ্ম সম্পাদন নকৰা অংগনবাদী কৰ্মীক চাকৰিৰ পৰা বৰ্ষাস্তও কৰা হ’ব’’ ৷ এই মন্তব্য বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ ৷ আনহাতে, নিজৰ কৰ্ম ভালদৰে সম্পাদন কৰা আৰু চৰকাৰী আঁচনি সফলভাৱে ৰূপায়ন কৰা অংগনবাদী কৰ্মীক নিজৰ গাঁথিৰ ধন ভাঙি 1 লাখ টকাকৈ পুৰস্কিত কৰিব বঢ়মপুৰৰ বিধায়কগৰাকীয়ে ৷

মঙলবাৰে নগাঁৱৰ বঢ়মপুৰত আয়োজন কৰা হয় অংগনবাদী কৰ্মী সহায়িকাসকলৰ এখন সভা (Anganwadi workers review meeting in Nagaon) ৷ বঢ়মপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধীনস্থ অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী (Jitu Goswami attends review meeting with Anganwadi workers) । এই পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয় অংগনবাদী কৰ্মী তথা সহায়িকাসকলৰ বিভিন্ন কৰ্মৰাজি ৷

কৰ্তব্যত গাফিলতি কৰা অংগনবাদী কৰ্মীক চাকৰিৰ পৰা বৰ্ষাস্তও কৰা হ’ব : জিতু গোস্বামী

এই বৈঠকতে কামত গাফিলতি কৰা আৰু অনিয়মীয়াকৈ সভাই সমিতিয়ে উপস্থিতি থকা অংগনবাদী কৰ্মী তথা সহায়িকাসকলক সকিয়নী প্ৰদান কৰে বিধায়ক গৰাকীয়ে (Jitu Goswami warns Anganwadi workers)।

সততে ৰাইজে অংগনবাদী কৰ্মী তথা সহায়িকাসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰা দেখা যায় ৷ এই অভিযোগসমূহৰ ভিত্তিতেই মঙলবাৰে বঢ়মপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধীনস্থ ১৩৫ টা অংগনবাদী কেন্দ্ৰক সামৰি অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠকৰ ।

এই বৈঠকত ১৩৫ টা অংগনবাদী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাসকল, বিধায়কক জিতু গোস্বামী আৰু দায়িত্বত থকা বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : বাক্সাৰ মুছলপুৰত অংগনবাদী কৰ্মী সহায়িকাৰ ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.