ETV Bharat / state

Medical negligence by private laboratories : নগাঁৱত স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি অব্যাহত

author img

By

Published : Nov 18, 2022, 8:48 PM IST

স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীৰ জীৱনক লৈ চলিয়েই আছে পৰীক্ষাগাৰৰ হেতালি ৷ স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলাতে স্বাস্থ্যৰ নামত চলিছে কেৱল ব্যৱসায় ৷ পৃথক পৰীক্ষাগাৰত তেজ পৰীক্ষাৰ পৃথক ফলাফল (Medical negligence by private laboratories)৷ ৰোগীৰ জীৱনৰ কোনো মূল্যই নোহোৱা হৈছে নেকি একাংশ পৰীক্ষাগাৰৰ বাবে ?

False Health Check Up Report
নগাঁৱত স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি অব্যাহত

নগাঁও, 18 নৱেম্বৰ : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Health minister Keshab Mahanta) গৃহ জিলা নগাঁৱৰেই স্বাস্থ্য বিভাগৰ নীৰৱতাৰ সুযোগ লৈ একাংশই স্বাস্থ্যৰ নামত চলাই গৈছে এক ৰমৰমীয়া ব্যৱসায় । স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীৰ জীৱনক লৈ নগাঁৱৰ একাংশ পৰীক্ষাগাৰে যেন খেলিয়েই আছে চূড়ান্ত হেতালি । নগাঁৱৰ একাংশ লেবেৰটৰীৰ স্বাস্থ্য পৰীক্ষাৰ ভুল ফলাফলৰ বাতৰি ইতিপূৰ্বেই সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতো যেন গা য়েই লৰা নাই পৰীক্ষাগাৰ কিম্বা নগাঁও জিলা স্বাস্থ্য বিভাগৰ (Medical negligence by private laboratories)।

এইবাৰ পুনৰ পোহৰলৈ আহিছে তেজ পৰীক্ষাৰ নামত সংঘটিত হোৱা বেমেজালিৰ তথ্য । নগাঁও চহৰৰ এই অঞ্জনছ পেথ লেব এণ্ড ডায়গনষ্টিক চেণ্টাৰত কৰিছিল ব্লাড চুগাৰ পৰীক্ষা (Blood test in Nagaon)। পৰীক্ষাগাৰত ব্যক্তিগৰাকীয়ে HB a1c অৰ্থাৎ তিনিমাহৰ ব্লাড চুগাৰৰ ফলাফলৰ বাবে কৰা পৰীক্ষাৰ ফলাফল এয়া । য'ত ফলাফল ওলাইছে ৩.৯ । ব্যক্তিগৰাকীৰ সন্দেহ হোৱাত মাত্ৰ এটা দিনৰ পিছতেই তিনিমাহৰ অৰ্থাৎ HBa1c পৰীক্ষা কৰে নগাঁও চহৰৰ হয়বৰগাঁওস্থিত নামৰ আন এটা পৰীক্ষাগাৰত (Hyatt Path Lab Nagaon)।

নগাঁৱত স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি অব্যাহত

কিন্তু এটা দিনৰ পিছতেই তিনিমাহৰ ব্লাড চুগাৰৰ ফলাফল হ'লগৈ ৫.৯ । মাত্ৰ এটা দিনৰ ব্যৱধানতেই বেলেগ বেলেগ পৰীক্ষাগাৰৰ তেজৰ চুগাৰ পৰীক্ষাৰ ফলাফলৰ পাৰ্থক্য দেখি এতিয়া চিন্তিত আৰু শংকিত হৈ পৰিছে ব্যক্তিগৰাকী । নগাঁৱৰ পৰীক্ষাগাৰৰ স্বাস্থ্য পৰীক্ষাৰ এনে পৃথক ফলাফলক লৈ শংকিত হৈছে নগাঁৱৰ সচেতন মহলো ।

পৃথক লেবেৰীটৰীত ওলোৱা পৃথক ফলাফলৰ কোনটোৰ বিশ্বাসযোগ্যতা আছে তাক লৈয়েই উত্থাপন হৈছে এক বৃহৎ প্ৰশ্নৰ । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এই হায়াত লেবৰ বিৰুদ্ধেও উত্থাপন হৈছিল স্বাস্থ্য পৰীক্ষাৰ ভুল ফলাফল প্ৰদান কৰাৰ অভিযোগ । ইমানৰ পিছতো নগাঁও বিভাগৰ নীৰৱতাও এক ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে সাধাৰণ নাগৰিকৰ বাবে ।

লগতে পঢ়ক : Donyi Polo Airport: শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.